গুৱাহাটী, 7 ডিচেম্বৰ : শনিবাৰে আইএছএলৰ এখন গুৰুত্বপূৰ্ণ মেচত মুখামুখি হ'ব দুই শক্তিশালী দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু এথলেটিক' ডি কলকাতা ৷ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত বিয়লি ৭.৩০ বজাৰ পৰা আৰম্ভ হ'ব মেচখন ৷ দুয়ো দল আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাচতে আয়োজন কৰা এক সংবাদমেলত উপস্থিত থাকে নৰ্থ ইষ্ট ইউনাইটেড দলৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নী আৰু উপ-অধিনায়ক ৰেগান সিং ৷
চলিত সংস্কৰণত যথেষ্ট শক্তিশালী ৰূপত অৱতীৰ্ণ হ'লেও কলকাতা দলক ঘৰুৱা খেলপথাৰত নৰ্থ ইষ্ট দলে পৰাজিত কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নীয়ে । এই খেলখন তীব্ৰ প্ৰতিদ্বন্দিতামূলক হ'ব বুলিও উল্লেখ কৰে মুখ্য প্ৰশিক্ষকগৰাকীয়ে । তাৰোপৰি, ঘৰুৱা দৰ্শকৰ উৎসাহত খেলুৱৈসকলৰ আত্মবিশ্বাস অধিক বৃদ্ধি পাব বুলি আশা কৰে ৰেগান সিঙে ।
উল্লেখযোগ্য যে, বৰ্তমান আইএছএলৰ পইন্ট তালিকাত ১১ পইন্টৰে দ্বিতীয় স্থানত আছে এথলেটিক' ডি কলকাতা ৷ ইয়াৰ বিপৰীতে ১০ পইন্টৰে চতুৰ্থ স্থানত আছে নৰ্থ ইষ্ট ইউনাইটেড । শনিবাৰৰ মেচত শক্তিশালী কলকাতা দলে নৰ্থ ইষ্ট ইউনাইটেডৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে ৷ ইফালে এই খেলখনত নৰ্থ ইষ্ট ইউনাইটেড জয়ী হ'লে পইন্ট তালিকাৰ শীৰ্ষ স্থানলৈ উন্নীত হ'বলৈ সক্ষম হ'ব । সেয়েহে শনিবাৰৰ মেচখন ঘৰুৱা দলটোৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।
আৰু পঢ়ক : মৃত্যুদণ্ড অথবা যাবজ্জীৱন কাৰাদণ্ড