ETV Bharat / city

বিদেশী সমস্যাৰ সমাধানৰ ক্ষেত্রত চৰক‍াৰৰ সদিচ্ছাৰ অভাৱ :নেকিবুৰ জামান - Detention Centre for Foreigners

বিদেশী ন্যায়াধিকৰণে ৩১ ডিচেম্বৰলৈকে ১,৪৩,৪৬৬ জন লােকক বিদেশী বুলি ঘােষণা কৰাৰ বিপৰীতে মাত্র ৩২৯ জন লােককহে চলিত বৰ্ষৰ এক ফেব্ৰুৱাৰীলৈকে নিজ দেশলৈ ঘূৰাই পঠোৱা হৈছে । বিদেশী ঘোষিত হোৱাৰ পাছতো কিয় বিতাড়ন কৰা নহয় । আছুতীয়া সাক্ষাৎকাৰত বহু দিশ উন্মোচিত কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে (interview of senior advocate Nakibur zaman) ।

interview-of-senior-advocate-nakibur-zaman-on-illegal-immigrants-issue-in-assam
বিদেশী সমস্যাৰ সমাধানৰ ক্ষেত্রত চৰক‍াৰৰ সদিচ্ছাৰ অভাৱ :নেকিবুৰ জামান
author img

By

Published : Mar 4, 2022, 8:37 PM IST

গুৱাহাটী, ৪ মাৰ্চ: চৰকাৰৰ সদিচ্ছাৰ অভাৱতে অসমৰ দীৰ্ঘদিনীয়া আৰু জলন্ত বিদেশী সমস্যাৰ ( illegal immigrants issue in Assam) সমাধান হোৱা নাই । এই অভিযোগ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ । লক্ষণীয় বিষয় যে কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্রী নিত্যানন্দ ৰায়ে শেহতীয়াকৈ ৰাজ্যসভাত দিয়া তথ্য মতে অসমত কাৰ্যক্ষম হৈ থকা ১০০খন বিদেশী ন্যায়াধিকৰণে ৩১ ডিচেম্বৰলৈকে ১,৪৩,৪৬৬ জন লােকক বিদেশী বুলি ঘােষণা কৰাৰ বিপৰীতে মাত্র ৩২৯জন লােককহে চলিত বৰ্ষৰ এক ফেব্ৰুৱাৰীলৈকে নিজ দেশলৈ ঘূৰাই পঠোৱা হৈছে ।

ইফালে বিদেশী ঘােষিত লােকসকল ডিটেনশ্যন চেণ্টাৰত আছে নে নাই তাৰ কোনাে তথ্যও নাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ ওচৰত (lack of information on illegal immigrants issue) । চিনাক্তকৰণৰ পাছতো কিয় বিদেশী নাগৰিকসকলক নিজ দেশলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হোৱা নাই। এই ক্ষেত্রত কিহৰ প্ৰতিবন্ধকতা আছে। এই সন্দৰ্ভত ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বহু দিশ উন্মোচিত কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ‌অধিবক্তা নেকিবুৰ জামানে ।

বিদেশী সমস্যাৰ সমাধানৰ ক্ষেত্রত চৰক‍াৰৰ সদিচ্ছাৰ অভাৱ :নেকিবুৰ জামান

তেওঁ কয় যে, সদিচ্ছা তথা সঁচা অৰ্থত বিচাৰিলে ঘোষিত বিদেশীক নিজ দেশলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্রত কোনো বাধা নাই। বিদেশী চিনাক্ত কৰি বিতাড়ন কৰাটো ডাঙৰ কথা নহয়। অতি দুৰ্বল আন্তঃগাঠনিৰ মাজতো বিদেশী ন্যায়াধিকৰণসমূহে ১,৪৩,৪৬৬ জন বিদেশী চিনাক্ত কৰিছে যদিও বিত‍াড়ন কৰা হৈছে মাত্র ৩২৯ গৰাকী ।

বাকী মানুখিনি ক'লৈ গল। সেইখিনি মানুহ ইয়াতেই সুমাই আছে। চিনাক্ত কৰা মানুহখিনিৰ বংশ বৃদ্ধি হৈ এতিয়া হয়টো ৩-৪ লাখ হৈছেগৈ। তেওঁ বিতাড়িত কৰা মানুহখিনিৰ ক্ষেত্রতো সন্দেহ প্ৰকাশ কৰি নিজৰ সাক্ষুক প্ৰমানৰ প্ৰসংগ উল্লেখ কৰে। তেওঁ লগতে কয় যে চিনাক্ত তথা ঘোষিত বিদেশী বিতাড়নৰ ক্ষেত্রত কোনো আইনী বাধা নাই। তথ্য-প্ৰমান সহকাৰে আইনে যেতিয়া বিদেশী বুলি চিনাক্ত কৰে তাৰ পিছত নিজ দেশলৈ সেই লোকসকলক প্ৰেৰণৰ ক্ষেত্রত কোনো বাধা নাই ।

চিনাক্ত বিদেশীক স্বৰাষ্ট্ৰলৈ প্ৰেৰণ কৰাৰ দায়িত্ব চৰকাৰ-প্ৰশাসনৰ। সেই দায়িত্ব চৰকাৰে সততা-নিষ্ঠাৰে পালন কৰিছে নে নাই সেয়া বিচাৰ্যৰ বিষয় বুলি তেওঁ কয়।
আনহাতে হাজাৰ কোটি টকা খৰচ কৰাৰ পাছতো চৰকাৰে এখন পূৰ্ণ পৰ্যায়ৰ শুদ্ধ এন আৰ চি বনাব নোৱাৰিলে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে । চৰকাৰ-প্ৰশাসনে নিজৰ দায়িত্ব পালন কৰা নাই। চৰকাৰে আন্তৰিকতাৰে কাম কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে শুদ্ধ এন আৰ চি প্ৰস্তুত কৰাটো চৰকাৰৰ দায়িত্ব। তেওঁ লগতে কয় যে ঘোষিত বিদেশীক বিতাড়িত কৰাৰ কৰ্তৃত্ব অসম চৰকাৰৰ আছে ।

লগতে পঢ়ক : Municipal election 2022 : ঘৰৰ সন্মুখত BJPৰ পতাকা, হৃদয়ত কংগ্ৰেছ: প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.