ETV Bharat / city

নাৰেংগীত স্বৰ্নিম বিজয় মশাল

author img

By

Published : Aug 9, 2021, 10:34 PM IST

ভাৰত-পাক যুদ্ধৰ ঐতিহাসিক বিজয়ৰ অংশ স্বৰূপে ভাৰতীয় সেনাই উদযাপন কৰি আহিছে 'বিজয় উৎসৱ'। শ্বিলংৰ পৰা পুৱা 10 বজাত নাৰেংগী সেনা চাওঁনীত উপস্থিত হোৱা ভাৰত-পাক যুদ্ধৰ বিজয়ৰ স্মাৰক 'মশাল'ক আদৰণি জনায় ভাৰতীয় সেনা বাহিনীয়ে। সেনাৰ বিজয়ৰ স্মাৰক 'মশাল'ক নাৰেংগী সেনা শিবিৰলৈ আদৰি আনে নাৰেংগী সেনা শিবিৰৰ কামাণ্ডাৰ ব্ৰিগেদিয়াৰ এছ আই ডি'কুনহাই।

indian-army-swarnim-vijay-mashaal-reaches-narengi-army-camp-etv-bharat-assam
নাৰেংগীত স্বৰ্নিম বিজয় মশাল

গুৱাহাটী, 9 আগষ্ট : 1971 চনৰ ভাৰত-পাক্ যুদ্ধৰ ঐতিহাসিক বিজয়ৰ অংশস্বৰূপে ভাৰতীয় সেনাই উদযাপন কৰি আহিছে 'বিজয় উৎসৱ'। ভাৰতীয় সেনাৰ বীৰত্ব-ত্যাগ প্ৰতিফলিত হোৱা ভাৰত-পাক্ যুদ্ধ জয়ৰ গৌৰৱোজ্জ্বল ইতিহাস যুগমীয়া কৰাৰ লক্ষ্যৰে এই বিজয়ৰ সোণোৱালী জয়ন্তী উপলক্ষে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে বিশেষ উদ্যোগ ।

যোৱা 16 ডিচেম্বৰৰ পৰা মোডী চৰকাৰখনে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত 'স্বৰ্নিম বিজয় মশাল'( Swarnim Vijay Mashaal) কাৰ্যসূচী উদযাপন কৰি সেনা বাহিনীক উদ্বুদ্ধ কৰি আহিছে । এই কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে শ্বিলংৰ পৰা পুৱা 10 বজাত নাৰেংগী সেনা চাওনীত উপস্থিত হোৱা ভাৰত-পাক্ যুদ্ধৰ বিজয়ৰ স্মাৰক 'মশাল'ক আদৰণি জনায় ভাৰতীয় সেনা বাহিনীয়ে ।

নাৰেংগীত স্বৰ্নিম বিজয় মশাল

সাতগাওঁ সেনা চাউনীত আয়োজিত এক বৰ্ণিল কাৰ্যসূচীত বিশাল শোভাযাত্ৰাৰ মাজেৰে NCCৰ কেডাৰৰ অশ্বৰোহন, সেনাৰ বুলেট ৰেলী, পেৰেড আৰু BSFৰ ব্যাণ্ডপাৰ্টিৰ শব্দৰে 'মশাল'টোক আদৰণি জনোৱা হয় ।

সেনাৰ বিজয়ৰ স্মাৰক 'মশাল'ক নাৰেংগী সেনা শিবিৰলৈ আদৰি আনে নাৰেংগী সেনা শিবিৰৰ কামাণ্ডাৰ ব্ৰিগেদিয়াৰ এছ আই ডি'কুনহাই । উল্লেখ্য যে, 1999 চনৰ 26 জুলাইত কাৰ্গিল যুদ্ধত ভাৰতে জয়লাভ কৰাৰ পিছতে প্ৰতিবছৰে এই দিনটোক পালন কৰা হয় বিজয় দিৱস হিচাপে । কাৰ্গিল বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সেনা বাহিনীৰ বীৰত্বক স্মৰণ কৰি শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইট কৰি ভাৰত মাতৃৰ বীৰ পুত্ৰসকলক স্মৰণ কৰে।

26 জুলাইৰ দিনটো ভাৰতীয় সেনা (Indian Army)ৰ ইতিহাসত এক গৌৰৱৰ অধ্যায় ৷ এফালে 22 বছৰ আগতে কাৰ্গিলৰ বিজয় দিৱস (Kargil Bijay Diwash), আনফালে 1971 চনৰ পাকিস্তানৰ লগত হোৱা বাংলাদেশ মুক্তিৰ 50 বছৰীয়া স্মৃতি । এই উপলক্ষে 26 জুলাইত সেনাৰ 51 চাব এৰিয়াৰ দ্বাৰা এক বিশাল অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

চাব এৰিয়াৰ দ্বাৰা আয়োজিত এই অভ্যৰ্থনা অনুষ্ঠানৰ স্বৰ্নিম বিজয় মশাল (Swarnim vijay mashaal) সংকোশ নদী দলঙত গ্ৰহণ কৰা হয় । সংকোশ নদীৰ দলঙৰ এই মশাল উদযাপনৰ সমাপ্তি ঘটাৰ পাছত মেঘালয়ৰ তুৰালৈ এই মশাল প্ৰেৰণ কৰা হয় ।

এই মশাল 8 আগষ্টলৈকে মেঘালয়ত থকাৰ পাচত ইয়াক (Swarnim vijay mashaal) অসমলৈ অনা হয় । মহানগৰীৰ নাৰেংগী সেনা শিবিৰত ভাৰত-পাক যুদ্ধৰ ভাৰতীয় সেনাৰ বিজয়ৰ সোনালী জয়ন্তী বৰ্ষ উপলক্ষে 'স্বৰ্নিম বিজয় মশাল' ( Swarnim Vijay Mashaal) উৎসৱ উদযাপন কৰা হয় ।

লগতে পঢ়ক:ভাৰতীয় সেনাৰ স্বৰ্নিম বিজয় মাছালৰ আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.