ETV Bharat / city

World Disability day: দিব্যাংগৰ হকে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

author img

By

Published : Dec 3, 2021, 8:29 PM IST

বিগত 30 অক্টোবৰত দিব্যাংগৰ হকে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়(Important judgment of the Supreme Court for Disabled Students) ৷ এতিয়াৰে পৰা সাধাৰণ শিক্ষাৰ্থী সকলৰ সমানেই দিব্যাংগ ছাত্ৰ ছাত্ৰীয়েও শিক্ষা লাভ কৰিব ।

important-judgment-of-the-supreme-court-for-disabled-students
দিব্যাংগৰ হকে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

গুৱাহাটী, 3 ডিচেম্বৰ : সমগ্ৰ বিশ্বতে ৩ ডিচেম্বৰৰ দিনটো দিব্যাংগ দিৱস হিচাপে পালন কৰা হয় (International Day of Persons with Disabilities)। এই বিশেষ দিনটো অসমৰো প্ৰায় প্ৰতিখন জিলাতে পালন কৰা হৈছে (World Disability day celebrate in Assam) ।

সমগ্ৰ দেশৰ লগতে অসমৰো দিব্যাংগ (বিশেষভাৱে সক্ষম) শিক্ষাৰ্থী সকলৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ‌এটা গুৰুত্বপূৰ্ণ ৰায়ে‌ । বিগত 30 অক্টোবৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰায়দান কৰিছে(Important judgment of the Supreme Court for Disabled Students) যে এতিয়াৰে পৰা সাধাৰণ শিক্ষাৰ্থী সকলৰ সমানেই দিব্যাংগ ছাত্ৰ ছাত্ৰীয়েও শিক্ষা লাভ কৰিব। উচ্চতম ন্যায়ালয়ৰ এই ৰায় অত্যন্ত ইতিবাচক বুলি বিবেচিত হ'লেও অসমৰ প্ৰেক্ষাপটত কিন্তু এই নিৰ্দেশ সহজে বাস্তৱায়িত হ'ব বুলি আশা কৰিব নোৱাৰি ৷

ইয়াৰোপৰি দিব্যাংগৰ শিক্ষাদানৰ বাবে চৰকাৰীভাৱে স্বীকৃত স্পেছিয়েল এডুকেটৰৰ সংখ্যা অসমত আঙুলিৰ মুৰত লেখিব পৰা বিধৰ। অসম চৰকাৰে দিব্যাংগ শিক্ষাৰ্থী সকলৰ বাবে কেইবাখনো জিলাত বিশেষ বিদ্যালয় স্থাপন কৰিলেও এই পৰ্যন্ত চৰকাৰৰ এই প্ৰক্ৰিয়াই সামৰি লব পৰা নাই 17 খনকৈ জিলাক। দিব্যাংগৰ বাবে বিশেষ বিদ্যালয় নথকা এই 17 খন জিলা হ'ল- শোণিতপুৰ, হোজাই, মৰিগাঁও, ডিমা হাচাও, বাক্সা, ওদালগুৰি, গোৱালপাৰা, বিশ্বনাথ, কোকৰাঝাৰ, চিৰাং, দক্ষিণ শালমাৰা, শিৱসাগৰ, চৰাইদেউ, মাজুলী, হাইলাকান্দি আৰু কাৰ্বি আংলং ।

এই 17 খন জিলাক বাদ দি বাকী জিলাসমূহত দিব্যাংগসকলৰ বাবে মুঠ 44 খন বিশেষ বিদ্যালয় আছে ৷ ইয়াৰে 15খন হৈছে উচ্চ প্ৰাথমিক বিদ্যালয় আৰু 4 খন বিদ্যালয় হৈছে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ । মনকৰিবলগীয়া যে, শিক্ষা বিভাগৰ তথ্য মতে এইপৰ্যন্ত বিশেষ বিদ্যালয় নথকা এই 17 খন জিলাত আছে 27,370 গৰাকী দিব্যাংগ শিক্ষাৰ্থী ।

তদুপৰি ৰাজ্যৰ শিক্ষা বিভাগৰ তথ্য মতে, অসমত পঞ্জীয়নভুক্ত এনে স্পেছিয়েল এডুকেটৰৰ সংখ্যা হৈছে মাত্ৰ 413 গৰাকী । ইয়াৰে 23 গৰাকীকহে এই পৰ্যন্ত স্পেছিয়েল এডুকেটৰ হিচাপে চৰকাৰে নিযুক্তি দিছে । ইয়াৰ বিপৰীতে সমগ্ৰ অসমত দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 62,500 গৰাকী । এই হিচাপ স্বয়ং শিক্ষা বিভাগৰ ।

গতিকে দিব্যাংগ শিক্ষাৰ্থীয়ে কিদৰে সাধাৰণ ছাত্ৰ ছাত্ৰীৰ সৈতে সমানে অসমত শিক্ষা লাভ কৰিব সেয়াও সহজেই অনুমেয় । শিক্ষা বিভাগৰে তথ্য মতে কেৱল স্পেছিয়েল এডুকেটৰৰ অভাৱতে বিগত তিনি বছৰত অসমত প্ৰায় 20 হাজাৰ দিব্যাংগ শিক্ষাৰ্থীয়ে আধাতে সামৰিব লগীয়া হৈছে শিক্ষা । তেনেক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিলেও তেনে নিৰ্দেশনা অসমত কাৰ্যকৰী হ'বলৈ যে সময় লাগিব সেই কথা নিশ্চিত ।

লগতে পঢ়ক : International Day of Persons with Disabilities:বোকাখাতৰ দিব্যাংগ বিদ্যালয়ত আনন্দমুখৰ পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.