ETV Bharat / city

জ্যেষ্ঠ IAS বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক APSC ৰ নতুন অধ্যক্ষ নিযুক্তি

author img

By

Published : Aug 18, 2022, 9:06 PM IST

জ্যেষ্ঠ IAS বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক ৰাজ্য চৰকাৰে অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে (APSC new chairman) । বৰ্তমান তেওঁ মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । এগৰাকী সৎ বিষয়া হিচাপে পৰিচিত ভাৰত ভূষণ দেৱ চৌধুৰী বিশিষ্ট লেখক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ ভাতৃ ।

APSC new chairman
APSC new chairman

গুৱাহাটী, 18 আগষ্ট : অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি (APSC new chairman)। জ্যেষ্ঠ IAS বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক ৰাজ্য চৰকাৰে অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে (APSC new chairman BB Dev Choudhury)। পূৰ্বেও APSC ৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল ভাৰত ভূষণ দেৱ চোধুৰীয়ে । APSC ৰ পৰীক্ষা নিয়ন্ত্ৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল চৌধুৰীয়ে । বৰ্তমান তেওঁ মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।

পূৰ্বতে নলবাৰীকে ধৰি কেইবাখনো জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত হৈ আছিল ভাৰত ভূষণ দেৱ চৌধুৰী (Former DC of Nalbari district BB Dev Choudhury) । এগৰাকী সৎ বিষয়া হিচাপে পৰিচিত ভাৰত ভূষণ দেৱ চৌধুৰী বিশিষ্ট লেখক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ ভাতৃ ।

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাজীৱ বৰাৰ কাৰ্যকাল উকলি যোৱাত আয়োগৰ সদস্য ড৹ অজন্তা নাথক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছিল । অৱশেষত ৰাজ্য চৰকাৰে আজি এক নিৰ্দেশ যোগে ভাৰত ভূষণ দেৱ চৌধুৰীক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ।

ৰাকেশ পালৰ কাৰ্যকালত অসম লোকসেৱা আয়োগক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল । বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰী সংঘটিত হৈছিল ৰাকেশ পালৰ কাৰ্যকালত (APSC scam in Assam) । তাৰ পিছতে তদন্তৰ আওতালৈ আহে এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়া তথা তদানীন্তন অধ্যক্ষ ৰাকেশ পাল (APSC scam accused Rakesh Paul)। চাকৰিৰ পৰা বৰ্খাস্ত হয় ধনৰ বিনিময়ত নিযুক্তি লাভ কৰা বহু এপিএছ বিষয়া । লগতে গ্ৰেপ্তাৰো হ'ব লগা হয় । এই চক্ৰান্তত জড়িত বহু বিষয়া এতিয়াও ৰঙাঘৰৰ আলহী (ACS APS arrested in Assam)।

ৰাকেশ পালৰ সময়ত হোৱা APSC ৰ বিয়াগোম দুৰ্নীতিয়ে লোক সেৱা আয়োগৰ স্বচ্ছতা সন্দৰ্ভত মানুহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত লোক সেৱা আয়োগক পুনৰ বিশ্বাসযোগ্য কৰাৰ প্ৰয়াস চলোৱা হয়। যাৰ ফলত এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা ঘূৰি আহে। মেধা সম্পন্ন পৰীক্ষাৰ্থীয়ে পুনৰ এপিএছচিত উত্তীৰ্ণ হৈ ৰাজ্যৰ প্ৰশাসনিক দিশত সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয় ।

এতিয়া নতুন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত আগন্তুক দিনত অসম লোক সেৱা আয়োগে কি দৰে আগুৱাই যাব সেইটো লক্ষণীয় হ'ব ।

লগতে পঢ়ক: জনতা ভৱনত হোৱা আলোচনাত নোলাল মাধ্যম বিতৰ্কৰ কোনো সমাধানসূত্র

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.