ETV Bharat / city

মাজনিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ঘেৰাও ছাত্ৰ-ছাত্ৰীৰ

author img

By

Published : Dec 11, 2019, 10:56 AM IST

মাজনিশালৈ গুৱাহাটী বিশ্ববিদ্যালয়ত অব্যাহত কেব বিৰোধী প্ৰতিবাদ ৷ বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিলৰ দাবীত উপাচাৰ্যক ছাত্ৰ সমাজৰ ঘেৰাও ৷ ছাত্ৰৰ প্ৰতিবাদত সেও মানি উপাচাৰ্যই বাতিল কৰিলে বুধবাৰে পুৱা হ'ব লগা পৰীক্ষা ৷

মাজনিশা কেবক লৈ উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়: পৰীক্ষা বাতিলৰ দাবীত উপাচাৰ্যক ছাত্ৰ সমাজৰ ঘেৰাও

গুৱাহাটী, 11 ডিচেম্বৰ: কেবক লৈ সমগ্ৰ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মঙলবাৰে মাজনিশালৈ গুৱাহাটী বিশ্ববিদ্যালয়ত অব্যাহত থাকিল জাতিধ্বংসী বিধেয়ক বিৰোধী প্ৰতিবাদ ৷ বিশ্ববিদ্যালয় ছাত্ৰ সমাজে বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি ৰাখিলে বিশ্ববিদ্যালয়ৰ চৌহদ ৷ কেবৰ সমান্তৰালভাৱে আন্দোলন চলি থকাৰ মাজত বুধবাৰে পুৱা অনুষ্ঠিত হ'ব লগীয়া বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিলৰ দাবীত ছাত্ৰ সমাজৰ ঘেৰাৰ সন্মুখীন হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ ৷ কেব আৰু পৰীক্ষা বাতিলৰ দাবীত নিশা একগোট হৈ ওলাই আহিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ৷

ছাত্ৰ সকলৰ ব্যাপক প্ৰতিবাদৰ পাছত অৱশেষত উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে বুধবাৰে হ'ব লগা পৰীক্ষাসমূহ বাতিল কৰি বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ সাময়িকভাৱে স্থগিত ৰাখে ৷ ইফালে পৰীক্ষা সমূহ কিমান দিনলৈ স্থগিত ৰাখিব সেই বিষয়ত বুধবাৰে দুপৰীয়া বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত এখন বৈঠকত মিলিত হ'ব বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই ৷ এই বৈঠকত পৰীক্ষাৰ পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰা হ'ব ৷

আৰু পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত মন্তব্য নিদিয়ে ৰাষ্ট্ৰসংঘই

Intro:গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে নিশা ঘেৰাও কৰিলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈক। বুধবাৰে পুৱা হ'বলগা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ বাতিল কৰাৰ দাবীত এই প্ৰতিবাদ ছাত্ৰসমাজৰ। অৱশেষত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই পৰীক্ষা সমূহ বাতিল কৰাৰ বাবে মানি লয়। CAB বিৰোধ কৰি অহা বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে পৰীক্ষাসমূহ বাতিল কৰা দাবীত মংগলবাৰে নিশা ছাত্ৰ সমাজ একগোট হৈ ওলাই আহে। বিশ্ববিদ্যালয়ত চলি থকা পৰীক্ষা সমূহ কিমান দিনলৈ স্থগিত ৰাখিব লাগিব তাৰ বাবে বুধবাৰে দুপৰীয়া বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত এখনি বৈঠকত মিলিত হ'ব বিশ্ব বিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই। বৈঠকৰ পিছতহে সিদ্ধান্ত লোৱা হ'ব বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ কেতিয়ালৈ অনুষ্ঠিত হ'ব। ইফালে মাজ নিশাও বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে CAB বিৰোধী প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে। Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.