ETV Bharat / city

৪২ টা কল্ড ষ্ট'ৰেজৰ ১৬ টাহে কাৰ্যক্ষমঃ কি কয় উদ্যান শস্য সঞ্চালকে ? - উদ্যান শস্য

ৰাজ্য চৰকাৰৰ উদ্যান শস্য বিভাগৰ সঞ্চালক আব্দুল জলিলে ইটিভি ভাৰতৰ আগত এই তথ্য প্ৰকাশ কৰি কয় যে, এই ৪২ টা কল্ড ষ্টৰেজৰ ভিতৰত মাত্ৰ ১৬ টাহে সম্প্ৰতি ব্যৱহাৰ কৰিব পৰা অৱস্থাত আছে ।

horticulture-cold-storage
৪২ টা কল্ড ষ্ট'ৰেজৰ ১৬ টাহে কাৰ্যক্ষমঃ কি কয় উদ্যান শস্য সঞ্চালকে ?
author img

By

Published : Oct 10, 2020, 9:21 PM IST

গুৱাহাটী, ১০ অক্টোবৰ: ৰাজ্যত পৰ্যাপ্ত পৰিমাণে শীতলীকৰণ ভৰাল (কল্ড ষ্টৰেজ) নথকাৰ বাবেই মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা শস্যৰ উচিত মূল্য নাপায় কৃষকে । উৎপাদিত শস্য মজুতকৰণৰ বাবে উপযুক্ত ব্যৱস্থা নথকাৰ বাবেই নিতৌ নষ্ট হৈ আহিছে টনে টনে শস্য । তাৎপৰ্যপূৰ্ণ যে, ৰাজ্যখনত চৰকাৰী আৰু বেচৰকাৰী খণ্ডত বিভিন্ন জিলাত প্ৰায় ৪২ টা কল্ড ষ্টৰেজ আছে যদিও ইয়াৰে অধিকাংশই ব্যৱহাৰৰ উপযোগী হৈ থকা নাই ।

৪২ টা কল্ড ষ্ট'ৰেজৰ ১৬ টাহে কাৰ্যক্ষমঃ কি কয় উদ্যান শস্য সঞ্চালকে ?

ৰাজ্য চৰকাৰৰ উদ্যান শস্য বিভাগৰ সঞ্চালক আব্দুল জলিলে ইটিভি ভাৰতৰ আগত এই তথ্য প্ৰকাশ কৰি কয় যে, এই ৪২ টা কল্ড ষ্টৰেজৰ ভিতৰত মাত্ৰ ১৬ টাহে সম্প্ৰতি ব্যৱহাৰ কৰিব পৰা অৱস্থাত আছে । আনহাতে, তেওঁ এই বুলিও মন্তব্য কৰে যে, বৰ্তমানৰ যি কল্ড ষ্টৰেজ আছে সেই বিলাকত কেৱল আলু আৰু বিলাহীহে মজুত ৰাখিব পাৰি । সকলো ধৰণৰ শস্য বা শাক পাচলি এনে কল্ড ষ্টৰেজত ৰাখিব নোৱাৰি । যাৰ ফলস্বৰূপে প্ৰতি বছৰে বৃহৎ পৰিমাণৰ শাক পাচলি নষ্ট হ'বলগীয়া হৈছে ।

কিন্তু শেহতীয়াকৈ একধৰণৰ মাল্টি কল্ড ষ্টৰেজ স্থাপনৰ কাম ৰাজ্যৰ কৃষি বিভাগে হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে । সঞ্চালক গৰাকীয়ে কয় যে, নাবাৰ্ডৰ সহযোগত প্ৰায় পাঁচশ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা এনেধৰণৰ কল্ড ষ্টৰেজত কৃষকে উৎপাদন কৰা সকলো ধৰণৰ শাক পাচলিৰ লগতে মাংস, গাখীৰ, কণী আদিও সুদীৰ্ঘ সময়ৰ বাবে ভিন ভিন তাপমাত্ৰাত বেয়া নোহোৱাকৈ ৰাখিব পৰা যাব ।

লগতে পঢ়ক : জোনাইত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত তীব্ৰ বেগী ট্ৰাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.