ETV Bharat / city

নতুন দিল্লীত কাৰ্বি-ডিমাচা ভৱনৰ আধাৰশিলা স্থাপন অমিত শ্বাহৰ - নতুন দিল্লী

দেশৰ ৰাজধানীত এতিয়া অসম ভৱনৰ দৰে এতিয়া থিয় হ'ব ডিমাচা আৰু কাৰ্বি ভৱন ।

নতুন দিল্লীত কাৰ্বি-ডিমাচা ভৱনৰ আধাৰশিলা স্থাপন অমিত শ্বাহৰ
author img

By

Published : Aug 19, 2019, 11:09 PM IST

গুৱাহাটী, 19 আগষ্ট: সোমবাৰে ৰাজধানী চহৰখনৰ দ্বাৰকাত নিৰ্মাণ হব লগা ডিমাচা আৰু কাৰ্বি ভৱনৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৷ আধাৰশিলা স্থাপন অনুষ্ঠানটিত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা৷ ভৱন দুটাৰ আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলক " অষ্টলক্ষ্মী " বুলি অভিহিত কৰিছে । এই " অষ্টলক্ষ্মী "ৰ বিকাশ আৰু উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰ সংকল্পবদ্ধ। সেয়েহে চৰকাৰে দিল্লীত একোটাকৈ ডিমাচা আৰু কাৰ্বি ভৱন স্থাপনৰ বাবে আগবাঢ়ি আহিছে । অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ব পৰিষদ আৰু ডিমা হাচাও স্বায়ত্ব পৰিষদৰ দুয়োগৰাকী মুখ্য কাৰ্যবাহীকে ধৰি অন্যান্য সদস্য সকলো উপস্থিত থাকে ।

Intro:গুৱাহাটী, ১৯ আগষ্ট: ৰাজধানী দিল্লীত অসম ভৱন বা অসম হাউচৰ দৰে শীঘ্ৰে থিয় হব ডিমাচা ভৱন আৰু কাৰ্বি ভৱন। সোমবাৰে ৰাজধানী চহৰখনৰ দ্বাৰকাত এই দুয়োটা ভৱনৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।Body:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ উপস্থিতিত এই দুয়োটা ভৱনৰ আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলক " অষ্টলক্ষ্মী " বুলি অভিহিত কৰিছে । এই " অষ্টলক্ষ্মী "ৰ বিকাশ আৰু উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰ সংকল্পবদ্ধ। সেয়েহে চৰকাৰে দিল্লীত একোটাকৈ ডিমাচা আৰু কাৰ্বি ভৱন স্থাপনৰ বাবে আগবাঢ়ি আহিছে।Conclusion:আধাৰশিলা স্থাপনৰ এই অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ব পৰিষদ আৰু ডিমা হাচাও স্বায়ত্ব পৰিষদৰ দুয়োগৰাকী মুখ্য কাৰ্যবাহীকে ধৰি অন্যান্য সদস্য সকলো উপস্থিত থাকে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.