গুৱাহাটী, 03 ছেপ্তেম্বৰঃ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত হিন্দু যুৱ ছাত্ৰ পৰিষদে সংবাদমেল অনুষ্ঠিত কৰি এন আৰ চিত বাদ পৰা ১৯ লাখ বিদেশীৰ নাম ঘোষণা কৰিবলৈ সমন্বয়ক প্ৰতীক হাজেলাক প্ৰত্যাহ্বান জনায় ৷ সংবাদমেলত সংগঠনটোৱে এন আৰ চিৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ ভিতৰত সৰহ সংখ্যকেই হিন্দু আৰু ভাৰতীয় নাগৰিকে আছে বুলি মন্তব্য কৰি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ৷ লগতে চৰকাৰে কিহৰ ভিত্তিত ১৯৭১ চনক ভিত্তি বৰ্ষ হ'ব লাগে বুলি ন্যায়ালয়ত শপতনামা দিলে বুলিও প্ৰশ্ন উত্থাপন কৰে ৷
সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে কেৱল বিদেশীকহে ৰক্ষাণাবেক্ষণ কৰিব বুলি কৈ সংগঠনটোৱে কয় যে, অসমত ৫০ লাখতকৈ অধিক বিদেশী আছে বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে উল্লেখ কৰাৰ পৰিবৰ্তে এন আৰ চিত মাত্ৰ ইমান কম সংখ্যক বিদেশীহে চিনাক্ত হোৱাটো সন্দেহজনক ৷ ইয়াৰোপৰি সংগঠনটোৱে 1971 চনটো ভিত্তি বৰ্ষ হিচাপে উঠাই লোৱাৰ দাবী উত্থাপন কৰে ৷