গুৱাহাটী, 20 মে’: ৰাজ্যত সুস্থ হ'ল কৰ'ণাত আক্ৰান্ত 7 জনকৈ ৰোগী ৷ বুধবাৰে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই । কোভিড-19ত পজিটিভ ডাঃ লিখিতেশ দাসকে ধৰি ৰাজ্যৰ 7 জন ৰোগীক বুধবাৰে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হয় ।
আনহাতে ৰাজ্যৰ অন্যান্য প্ৰান্তত আৰোগ্য লাভ কৰা সকলৰ ভিতৰত দুগৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আৰু আন 4 জন শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বুলি তেওঁ জানিবলৈ দিয়ে । উল্লেখ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ ছাত্ৰ ডাঃ লিখিতেশ দাস চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ।
স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, বৰ্তমান এইমূহুৰ্তলৈ কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসালয়ত থকা ৰোগীৰ সংখ্যা হয়গৈ 102 জন। আনহাতে কোভিড-19ত মুক্ত হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব দিয়া ৰোগীৰ সংখ্যা ৪৮ জন ।