গুৱাহাটী, 8 আগষ্ট : ক'ভিড পৰিস্থিতিৰ মাজতে এপ্ৰিলৰ পৰা জুলাইলৈ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) কাৰ্যালয়ে অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । বিগত চাৰি মাহত ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ৫৮,০৭,৭৪,২২২ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বিভাগটোৱে ।

ক'ভিডৰ বাবে ২০২০-২১ বর্ষৰ দৰে চলিত ২০২১-২২ বৰ্ষটো পৰিবহণ খণ্ডটোৰ পৰিকাঠামটো প্ৰায় ভাঙি পৰিছে । কামৰূপ মহানগৰ জিলাৰ(পঞ্জীয়ন আৰু অনুজ্ঞা) জিলা পৰিবহণ বিষয়া গৌতম দাসে জনোৱা মতে ক'ভিডৰ ভয়াৱহতা স্বত্বেও কাৰ্যালয়ৰ যান-বাহন পৰিদর্শক, প্ৰৱৰ্তক পৰিদৰ্শক আৰু সমূহ কৰ্মচাৰীৰ সমূহীয়া প্ৰচেষ্টাত ক'ভিডৰ প্ৰত্যাহ্বান নেওচিও কাম কৰা বাবে বিগত চাৰিটা মাহত ৫৮ কৌটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পৰা গৈছে ।

সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰিবহণকে ধৰি ৰাজহ সংগ্ৰহকাৰী বিভাগসমূহক সুৰুঙা নৰখাকৈ ৰাজহ সংগ্ৰহ কৰা কামত আত্মনিয়োগ কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰিবহণ বিষয়াক ভিডিঅ' কনফাৰেঞ্চৰ যোগেদি ৰাজহ সংগ্ৰহ ব্যৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিছিল ।
পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা মহানগৰ জিলাৰ যান-বাহন পৰিদৰ্শক, প্ৰৱৰ্তকসকলে জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত আৰু কেবাটাও গোটত ভাগ ভাগকৈ বছৰ বছৰ ধৰি বিভাগক ৰাজহ আদায় নিদিয়াকৈ থকা বিভিন্ন বহুজাতিক কোম্পানী, ট্ৰান্সপ’ৰ্ট এজেন্সী আদিত গৈ যাৱতীয় বা অনাদায় ৰাজহ আদায় দিয়াৰ বাবে সজাগতা অভিযান আৰম্ভ কৰিছিল ।

কৰ আদায় নিদিয়া বাহনৰ পৰা জৰিমনা বিহা হ'ব বুলিও অভিযানকাৰী দলে সতৰ্ক কৰি দিছিল । ফলত তেনে বহুজাতিক কোম্পানী বা ট্ৰান্সপ’ৰ্ট এজেন্সীয়ে ৰাজহ আদায় দিবলৈ আগবাঢ়ি অহাত কেৱল জুলাই মাহতে অভিলেখ পৰিমাণৰ ১৮,৯৮,৩৪,৭৭ টকাৰ ৰাজহ সংগ্ৰহ হয় । উল্লেখ যে বিগত বর্ষৰ জুলাই মাহত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৬,০১,৪৮,৬০৮ টকা ।
বিগত বৰ্ষৰ জুলাই মাহৰ তুলনাত এইবেলি প্ৰায় ১২.৯৭ কোটি টকাৰ অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে। এই বৃদ্ধিৰ পৰিমাণ হ'ল ২১৫.৮০ শতাংশ । তেনেদৰে চলিত বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩১ জুলাই পৰ্যন্ত মুঠ সংগ্ৰহীত ৰাজহৰ পৰিমাণ হ'ল ৫৮,০৭,৭৪,২২২ টকা । বিগত বৰ্ষৰ একে সময়চোৱাত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ২৬,৩৫,৫৯,৭৫০ টকা ।

অৰ্থাৎ বিগত বৰ্ষৰ চাৰিটা মাহৰ তুলনাত এইবেলি ৩১.৭২ কোটি টকাতকৈ অধিক ৰাজহ সংগ্ৰহ হৈছে । এই বৃদ্ধিৰ পৰিমাণ হ'ল ১২০.৩৩ শতাংশ । উল্লেখ্য যে, ৰাজহ সংগ্ৰহ অভিযানৰ সমান্তৰালভাৱে কাৰ্যালয়ৰ ফালৰ পৰা বিভিন্ন এন জি অ'ৰ সহযোগত গুৱাহাটীৰ কেবাটাও ৰাজপথত চলাচল কৰা চিটিবাছ আদিৰ চালক, পৰিচালক, হেণ্ডিমেন আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবে ক'ভিড ভেকচিন প্ৰদানৰ শিবিৰ অনুষ্ঠিত কৰা হৈছে বুলি জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৰী কৰিছে ।