ETV Bharat / city

দুবছৰৰ মুৰত মক্কা-মদিনালৈ ওলাইছে তিনি সহস্ৰাধিক হজযাত্ৰী

author img

By

Published : Jun 3, 2022, 7:40 PM IST

হাজি মুছাফিৰ খানা অস্থায়ী শিবিৰৰ পৰা পুৰুষ হজযাত্ৰী ২,৩৬৬ গৰাকী আৰু মহিলা হজযাত্ৰী ১,০৮৩ গৰাকীকে ধৰি মুঠ ৩,৪৫১ গৰাকী হজযাত্ৰী মক্কা-মদিনা অভিমুখে ৰাওনা হ'ব । হজযাত্ৰী সকলৰ থকা, খোৱা, স্বাস্থ্য পৰীক্ষা, যাত্ৰাকালৰ প্ৰয়োজনীয় ভিছা প্ৰদান, ভেকচিন প্ৰদান, RT-PCR পৰীক্ষাকৰণ,বিদেশী মুদ্ৰা বিনিময় আদি হাজি মুছাফিৰখানাত আৰম্ভ কৰা হৈছে ।

দুবছৰৰ মুৰত মক্কা-মদিনালৈ ওলাইছে তিনি সহস্ৰাধিক হজযাত্ৰী
দুবছৰৰ মুৰত মক্কা-মদিনালৈ ওলাইছে তিনি সহস্ৰাধিক হজযাত্ৰী

গুৱাহাটী, ৩ জুন: বিগত দুটা বছৰ ক'ভিড পৰিস্থিতিৰ বাবে ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ হজযাত্ৰা স্থগিত ৰখা হৈছিল যদিও বৰ্তমান ক'ভিড পৰিস্থিতি কিছু সুস্থিৰ হোৱাত ছৌডি আৰব চৰকাৰ আৰু ভাৰত চৰকাৰৰ সহযোগিতাত হজলৈ যাবৰ বাবে পূৰ্বতে আবেদন কৰা উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰী সকলক গুৱাহাটীৰ পৰা পঠিওৱাৰ বাবে অসম চৰকাৰৰ সহযোগত যুটীয়া ৰাজ্যিক হজ কমিটি অসম আৰু উত্তৰ পূৰ্বাঞ্চল হজযাত্ৰী অভ্যর্থনা সমিতিৰ ফালৰ পৰা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে ।

যুটীয়া ৰাজ্যিক হজ কমিটী তথা উত্তৰ-পূৱ হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে আজি মহানগৰীৰ হাজি মুছাফিৰখানাত এখন সংবাদমেল সম্বোধন কৰি কয় যে সমগ্ৰ কাৰ্যসূচী সফলভাবে পৰিচালনা কৰাৰ বাবে ৰাজ্য প্ৰশাসন, জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, স্বাস্থ্য বিভাগ, পৰিবহন নিগম, পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বিদ্যুৎ বিভাগ আদিকে ধৰি বহু বিভাগে সহযোগিতা আগবঢ়াই আছে ।

হাজি মুছাফিৰ খানা অস্থায়ী শিবিৰৰ পৰা পুৰুষ হজযাত্ৰী ২,৩৬৬ গৰাকী আৰু মহিলা হজযাত্ৰী ১,০৮৩ গৰাকীকে ধৰি মুঠ ৩,৪৫১ গৰাকী হজযাত্ৰী মক্কা-মদিনা অভিমুখে ৰাওনা হ'ব । হজযাত্ৰী সকলৰ থকা, খোৱা, স্বাস্থ্য পৰীক্ষা, যাত্ৰাকালৰ প্ৰয়োজনীয় ভিছা প্ৰদান, ভেকচিন প্ৰদান, RT-PCR পৰীক্ষাকৰণ,বিদেশী মুদ্ৰা বিনিময় আদি হাজি মুছাফিৰখানাত আৰম্ভ কৰা হৈছে ।

হজযাত্ৰী সকলৰ সুবিধাৰ্থে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা চৰকাৰী খৰছত ২৩ গৰাকী কৰ্মচাৰীক খাদিমুল হুজ্জাজ হিচাবে প্ৰেৰণ কৰা হ'ব । বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ৫ জুনত দিনৰ ১.৩০ বজাত প্ৰথমখন বিমানে ১৫০ জন যাত্ৰী লৈ মদিনা অভিমুখে ৰাওনা হ'ব । উক্ত বিমানখনৰ ফ্লেগ অফ কৰিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

লগতে পঢ়ক: ডিগবৈ-পেঙেৰী সংযোগী পথত বোমাৰ আতংক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.