ETV Bharat / city

হোজাইত উৎত্থান ঘটিছে বদৰুদ্দিনৰ আন এজন প্ৰতিদ্বন্দীৰ

উল্লেখযোগ্য যে লাউচ দেশত প্ৰতিস্থিত ব‍্যৱসায়ী হিচাপে পৰিচিত হাবিব মহম্মদ চৌধুৰী । LAO AGAR INT'L DEVELOPEMENT CO.LTD, HSMM FRAGRANCE, HSMM TECHNOLOGY, HSMM MINING, HS INTERNATIONAL এই প্ৰতিষ্ঠানসমূহৰ অধ‍্যক্ষ হাবিব মহম্মদ চৌধুৰী । বিদেশত থাকিও এইজন অসমীয়াই লকডাউন আৰু বানপানীৰ সময়ত আৰ্তজনৰ কাষত থিয় দিছে ।

হোজাইত উৎত্থান ঘটিছে বদৰুদ্দিনৰ আন এজন প্ৰতিদ্বন্দীৰ
হোজাইত উৎত্থান ঘটিছে বদৰুদ্দিনৰ আন এজন প্ৰতিদ্বন্দীৰ
author img

By

Published : Jun 16, 2020, 2:22 AM IST

গুৱাহাটী, 15 জুন : ইমান দিনে হয়তো অসমৰ ৰাইজে আজমল পৰিয়ালক বিভিন্ন সামাজিক কাম কাজ আৰু ৰাজনীতিৰ লগত জড়িত থকাৰ প্ৰত্যক্ষ কৰি আহিছে । কিন্তু অসমৰ অন্য এজন সু-সন্তান এইছএছএমএম গ্ৰুপ অফ্ কোম্পানীৰ অধ‍্যক্ষ‍ হাবিব মহম্মদ চৌধুৰীয়ে বৰ্তমান সংকট কালত দুখীয়া দৰিদ্ৰৰ কাষ চাপিছে ।

দুখীয়া দৰিদ্ৰ ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

বৰ্তমান সময়ত ব‍্যৱসায়ীগৰাকী অসমত উপস্থিত নাথাকিলেও কেইবাটাও বেচৰকাৰী সংস্থাৰ জৰিয়তে দুখীয়া দৰিদ্ৰ ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছে । মহানগৰীৰ এহাজাৰজন অট'ৱালাৰ লগতে হোজাই জিলা আৰু অসমৰ বিভিন্ন ঠাইৰ দুখীয়া দৰিদ্ৰৰ কাষ চাপিছে এই বহল হৃদয়ৰ ব‍্যৱসায়ীগৰাকীয়ে ।

উল্লেখযোগ্য যে লাউচ দেশত প্ৰতিস্থিত ব‍্যৱসায়ী হিচাপে পৰিচিত হাবিব মহম্মদ চৌধুৰী । LAO AGAR INT'L DEVELOPEMENT CO.LTD, HSMM FRAGRANCE, HSMM TECHNOLOGY, HSMM MINING, HS INTERNATIONAL এই প্ৰতিষ্ঠানসমূহৰ অধ‍্যক্ষ হাবিব মহম্মদ চৌধুৰী ।

বিদেশত থাকিও এইজন অসমীয়াই লকডাউন আৰু বানপানীৰ সময়ত আৰ্তজনৰ কাষত থিয় দিছে । তেখেতে নিজৰ ভাতৃৰ সৈতে মিলি গুৱাহাটীৰ ১ হাজাৰ অটচালকক খাদ্য সামগ্ৰী বিতৰণ কৰে JFF FOUNDATION নামৰ বেচৰকাৰী সংস্থাৰ জৰিয়তে । ইতিমধ্যে দুই ভাতৃদ্বয়ে অসমৰ ৫০ হাজাৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰিছে । ইয়াৰ আগন্তুক এটা সপ্তাহৰ ভিতৰত অসমৰ ভ্ৰাম্যমাণৰ লগত জড়িত ১ হাজাৰ লোকক খাদ্য সামগ্ৰী দিয়াৰ প্ৰতিশ্ৰুতি দিছে ব‍্যৱসায়ীগৰাকীয়ে ।

এইছএছএমএম গ্ৰুপ অফ্ কোম্পানীৰ অধ‍্যক্ষ‍ হাবিব মহম্মদ চৌধুৰী

আনহাতে এই কঠিন সময়ত বিদেশত থাকিও দুৰ্গতৰ কাষত থিয় দিয়াত সকলোৱে প্ৰশংসা কৰিছে দুই ভাতৃ দ্বয়ক । কিন্তু তেওঁলোকৰ এই প্ৰচেষ্টাক ৰাজনৈতিক অভিসন্ধি থকা বুলি মন্তব্য কৰিছে । এইক্ষেত্ৰত ই টি ভি ভাৰতৰ সাংবাদিকে এআইইউডিএফৰ নেতৃবৰ্গই Who is Habib? বুলিহে ওলোটাই প্ৰশ্ন কৰে ।

লগতে পঢ়কঃ বাঘজানত ক্ৰমাৎ কমি আহিছে অক্সিজেন : সঘনাই হৈছে ভূমিকম্পৰ দৰে জোকাৰণি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.