ETV Bharat / city

অসম বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভূক্ত মহানগৰীৰ কুঁহি ডেকাৰ নাম

author img

By

Published : Dec 25, 2020, 7:43 PM IST

অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত হ'ল গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ কুঁহি ডেকাৰ নাম ৷ কপালত জলন্ত চাকিলৈ যোগাসন কৰি কণমানিটিৱে লাভ কৰে অসম বুক অৱ ৰেকৰ্ডছৰ স্বীকৃতি পত্ৰ ৷ কণমানিটিৰ সফলতাত আনন্দিত কুঁহিৰ পিতৃ-মাতৃ ৷

guwahati yoga child story
অসম বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত মহানগৰীৰ কুঁহি ডেকাৰ নাম

গুৱাহাটী,25 ডিচেম্বৰ: গুৱাহাটী মহানগৰীৰ এগৰাকী কণমানিৰ দুঃসাহসিক ক্ৰীড়া । কপালত জলন্ত চাকিলৈ যোগাসন । এই দুঃসাহসিক যোগাসনৰ জৰিয়তে মহানগৰীৰ মালিগাঁৱৰ কুঁহি ডেকাই লাভ কৰিছে অসম বুক অৱ ৰেকৰ্ডছৰ ৰাষ্ট্ৰীয় স্বীকৃতি । শুকুৰবাৰে কণমানি কুঁহি ডেকাক আনুষ্ঠানিকভাৱে স্বীকৃতি পত্ৰ প্ৰদান কৰা হয় ।

মহানগৰীৰ মালিগাঁওস্থিত দুৰ্লভ যোগ চেন্টাৰত অসম বুক অৱ ৰেকৰ্ডছৰ এটা প্ৰতিনিধিৰ দলে কুঁহি ডেকাক স্বীকৃতি পত্ৰ, জাপি, ফুলাম গামোচা আৰু ট্ৰফী প্ৰদান কৰে । কণমানি গৰাকীৰ এই দুঃসাহসিক যোগাসন দেখি অভিভূত হৈ পৰে অসম বুক অৱ ৰেকৰ্ডছৰ কৰ্তৃপক্ষ । ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পোন প্ৰথমবাৰৰ বাবে এগৰাকী চতুৰ্থ শ্ৰেণীৰ কণমানিয়ে এনেদৰে জলন্ত চাকিলৈ যোগাসন কৰিছে । যাৰ বাবে কণমানি কুঁহি ডেকাই লাভ কৰিছে অসম বুক অৱ ৰেকৰ্ডছৰ ৰাষ্ট্ৰীয় স্বীকৃতি ।

ইফালে কুঁহিৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে পৰিয়াল তথা আত্মীয় । উল্লেখযোগ্য যে, ৬ বছৰ বয়সৰ পৰাই যোগ চৰ্চাৰ লগত জড়িত কুঁহি ডেকা । ইতিমধ্যেই আঞ্চলিক, জিলা তথা ৰাজ্যিক পৰ্যায়ৰ সন্মান বুটলিবলৈ সক্ষম হৈছে কণমানি গৰাকীয়ে । সম্প্ৰতি ৰাষ্ট্ৰীয় যোগ চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাই আছে মালিগাঁৱৰ কুঁহিয়ে ৷

অন্য এক খবৰৰ বাবে: হ্ৰাস পাইছে ভাৰতলৈ অহা বাংলাদেশী অনুপ্ৰৱেশকাৰী : BGB

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.