ETV Bharat / city

মেয়ৰ মৃগেন শৰণীয়াৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে মহানগৰীৰ পদপথৰ ব্যৱসায়ী

author img

By

Published : Jun 3, 2022, 9:06 PM IST

গু‍ৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ পদপথ ব্যৱসায়ী সংস্থা অসমৰ (Guwahati street traders in anger) ৷ কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পদপথত দোকান উচ্ছেদ কৰা হ’ব বুলি মন্তব্য কৰাৰ পাচতে প্ৰতিক্ৰিয়া সংস্থাটোৰ (Eviction drive against street vendor in Guwahati) ৷ ভেণ্ডিং জ’ন স্থাপন নকৰা পৰ্যন্ত পদপথৰ ব্যৱসায়ীক উচ্ছেদ নকৰিলৈ দাবী জনায় সংস্থাটোৱে ।

Eviction drive against street vendor in Guwahati

গুৱাহাটী, ৩ জুন: কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পদপথত দোকান উচ্ছেদ কৰা হ’ব বুলি গু‍ৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে পদপথ ব্যৱসায়ী সংস্থা অসম (Guwahati street traders in anger)। সংস্থাৰ সভাপতি চন্দন গোস্বামী আৰু সম্পাদক ৰমণী ডেকাই কয় যে, পদপথ ব্যৱসায়ী সকলৰ প্ৰশ্নৰ উত্তৰ জি এম চিৰ হাতত নাথাকে । ২০১৫ চনতে গুৱাহাটী পৌৰ নিগমে টাউন ভেণ্ডিং কমিটী গঠন (Vending committee of GMC) কৰিছিল যদিও, আজিকোপতি এটাও ভেণ্ডিং জ’ন স্থাপন হোৱা নাই । ভেণ্ডিং জ’ন স্থাপন নকৰা পৰ্যন্ত পদপথৰ ব্যৱসায়ীক উচ্ছেদ নকৰিলৈ দাবী জনায় সংস্থাটোৱে ।

মেৱৰ মন্তব্যক দুৰ্ভগ্যজনক আখ্যা দি তেওঁলোকে কয় যে, যি সময়ত পি এম ষ্ট্ৰীট ভেণ্ডৰ্চ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে ঋণ প্ৰদান কৰিছে চৰকাৰে । সেই সময়ত যদি এইদৰে উচ্ছেদ চলে, তেন্তে তেওঁলোকৰ ওপৰত ঋণৰ বোজা জাপি দিয়া হ’ব (Street vendors in Guwahati)। মেয়ৰ মৃগেন শৰণীয়াক প্ৰশ্ন কৰি সংস্থাৰ বিষয়ববীয়াই কয় যে, ৮ টা ভেণ্ডিং জ’নত ১৪ হাজাৰতকৈ অধিক পঞ্জীয়নভুক্ত পদপথ ব্যৱসায়ীক সংস্থাপিত কৰিব ।

মেয়ৰ মৃগেন শৰণীয়াৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে মহানগৰীৰ পদপথৰ ব্যৱসায়ী

প্ৰধানমন্ত্ৰীয়ে আত্মনীৰ্ভৰশীল ভাৰতৰ কথা কয়, আনহাতে পদপথত ব্যৱসায় কৰি থকা আত্মনিৰ্ভৰ সকলক উচ্চেদৰ কথা কয় মেয়ৰে বুলি উল্লেখ কৰে পদপথ ব্যৱসায়ী সংস্থা অসমৰ বিষয়-ববীয়াই (Eviction drive against street vendor in Guwahati)।

তেওঁলোকে কয় যে, কটন বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰায় ৭৫ খন দোকান আছে । সেই ব্যৱসায়ী সকলে একো অসুবিধা কৰা নাই । সেয়েহে তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰিব । প্ৰথমে ভেণ্ডিং জ’ন স্থাপন কৰিবলৈ দাবী জনায় । মেয়ৰৰ এই মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংস্থাই জনায় ।

উল্লেখ্য যে, ২০১৫ চনতে গুৱাহাটী পৌৰ নিগমে টাউন ভেণ্ডিং কমিটী গঠন কৰিছিল । মহানগৰীৰ বিভিন্ন স্থানত ভেণ্ডিং জ’ন স্থাপন কৰি পথ ব্যৱসায়ীসকলক ব্যৱসায়ৰ সুযোগ দিয়াটো কমিটীখনৰ মূল উদ্দেশ্য আছিল । ২০১৮ চনত পথ ব্যৱসায়ী সংস্থা, অসমে মহানগৰীত ৫২ টা স্থান ভেণ্ডিং জ’নৰ বাবে স্থান চিনাক্ত কৰিছিল ।

তাৰ ভিতৰত পৌৰ নিগমে মহানগৰীৰ বৰবাৰী, পাণবজাৰ, গণেশগুৰি, লাখটকীয়া, উজানবজাৰ, ফাচীবজাৰ ফুলগ’লীকে ধৰি মুঠ ৮ টা স্থান ভেণ্ডিং জ’ন স্থাপনৰ বাবে চিনাক্ত কৰিছিল । কিন্তু অতি পৰিতাপৰ কথা যে, সেই ৮ টা স্থানত আজি পৰ্যন্ত এটাও ভেণ্ডিং জ’ন স্থাপন নহ’ল ।

লগতে পঢ়ক : চাহৰ উৎপাদন ১৩ শতাংশ হ্ৰাসঃ নিৰুদ্বিগ্ন চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.