ETV Bharat / city

সোমবাৰে মুকলি হ'ব গুৱাহাটীৰ ৰোপৱে - গুৱাহাটী

যাত্ৰীৰ বাবে এটা সুখৱৰ ৷ এতিয়াৰে পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীলৈ অহা যোৱা কৰোতে লাগিব মাত্ৰ ৭-৮ মিনিট সময় ৷

Guwahati ropeway Use For Passengers From 24 August, Monday
এতিয়াৰে পৰা মাত্ৰ ৭-৮ মিনিটতে ইপাৰ-সিপাৰ হ'ব পাৰিব বুঢ়া লুইত
author img

By

Published : Aug 23, 2020, 4:40 PM IST

গুৱাহাটী, ২৩ আগষ্টঃ যাত্ৰীৰ বাবে আছে এটা সু-খবৰ ৷ সোমবাৰে মুকলি হ’ব প্ৰত্যাশিত ৰোপৱে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই ৰোপৱে ৷ ৰোপৱেৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে সদৰী কৰিলে এই কথা ৷

প্ৰায় ৫৬ কোটি টকাৰ ব্যয় সাপেক্ষে ২০০৯ চনতে জি এম ডি এৰ তত্ত্বাৱধানত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘৰ এই ৰোপৱে ৷ এবাৰত মুঠ ৩২ জন যাত্ৰী কঢ়িয়াব পৰা এছিয়াৰ এই দীৰ্ঘতম ৰোপৱে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰোতে লাগিব মাত্ৰ ৭-৮ মিনিট সময় ৷ যিটোৱে বিশ্বৰ ক্ষুদ্ৰতম নদী দ্বীপ তথা দেশৰ ভিতৰতে এখন উল্লেখনীয় পৰ্যটনস্থলী উমানন্দলৈ পৰ্যটক সকলক আকৰ্ষিত কৰাৰ লগতে গুৱাহাটীৰ দুয়োপাৰৰ যাতায়াত ব্যৱস্থাকো বহু পৰিমাণে সূচল কৰিব ৷

এতিয়াৰে পৰা মাত্ৰ ৭-৮ মিনিটতে ইপাৰ-সিপাৰ হ'ব পাৰিব বুঢ়া লুইত

এজন যাত্ৰীয়ে এবাৰত যাত্ৰা কৰিলে ৬০ টকা ব্যয় কৰাৰ বিপৰীতে অহাযোৱা মুঠ দুবাৰত ব্যয় কৰিব লাগিব ১০০ টকা ৷ অৱশ্যে যিয়েই নহওঁক দীৰ্ঘ সময় ধৰি বিতৰ্কৰ আৱৰ্তত সোমাই থকা এই ৰোপৱেৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি হ’বলগা খবৰটোৱে বৰলুইতৰ দুয়ো পাৰৰ যাত্ৰী সকলক যথেষ্ট উৎসাহী কৰি তুলিছে ৷

লগতে পঢ়ক- বিধ্বস্ত পথৰ বাবে জীয়াতু ভুগিছে বঢ়মপুৰ সমষ্টিৰ নিজকামপুৰবাসীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.