ETV Bharat / city

কাছাৰত উদ্ধাৰ হোৱা বিদেশী বন্যপ্ৰাণীৰ নামকৰণ বনমন্ত্ৰীৰ - বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত জব্দ হোৱা বিদেশী বন্যপ্ৰাণীসমূহক নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ আজি গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাত উপস্থিত হয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ বনমন্ত্ৰীগৰাকীয়ে বিদেশী বন্যপ্ৰাণীসমূহৰ নামকৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰে ৷ আজি গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ অনা হৈছে লাইলাপুৰত জব্দ হোৱা পশু-পক্ষীসমূহক ৷

rescued_animals_in_guwahati-zoo
কাছাৰত উদ্ধাৰ হোৱা বিদেশী বন্যপ্ৰাণীসমূহৰ নামাকৰণ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ
author img

By

Published : Jul 31, 2020, 8:37 PM IST

গুৱাহাটী, ৩১ জুলাই: ২৮ জুলাইৰ নিশা বৰাক উপত্যকাৰ অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত অসমৰ বন বিভাগে জব্দ কৰিছিল বহু বিদেশী বন্যপ্ৰাণী ৷ এই জব্দ হোৱা বন্যপ্ৰাণীসমূহক শুকুৰবাৰে পুৱাৰ ভাগত কাছাৰৰ পৰা গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ অনা হয় ৷ জব্দ হোৱা বন্যপ্ৰাণীসমূহৰ ভিতৰত আছিল ১ টা কেংগেৰু,৬টা মেকাও ভাটৌ চৰাই,৩টা কাছ আৰু ২টা বান্দৰ৷

কাছাৰত উদ্ধাৰ হোৱা বিদেশী বন্যপ্ৰাণীসমূহৰ নামাকৰণ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

এই দুস্প্ৰাপ্য বিদেশী বন্যপ্ৰাণীসমূহক নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ আজি চিৰিয়াখানাত উপস্থিত হয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য । বনমন্ত্ৰীগৰাকীয়ে মাংগলিকভাৱে আটাইকেইটা পশু-পক্ষীক চিৰিয়াখানাৰ নতুন অতিথি হিচাপে আদৰণি জনায় । বন বিভাগৰ শীৰ্ষ বিষয়াবৰ্গক লগত লৈ চিৰিয়াখানাত উপস্থিত হোৱা বন মন্ত্ৰীগৰাকীয়ে এই নতুন অতিথিৰ নামকৰণো কৰে । সেইমৰ্মে ভাটৌ দুহালৰ নাম ৰখা হয় "লাইলা" পৰিয়াল,কেংগাৰুটোৰ নাম ৰখা হৈছে "ধলাই", কুচিনা প্ৰজাতিৰ বান্দৰহালক "বৰাক" আৰু দুস্প্ৰাপ্য কাছ তিনিটাক "ব্ৰহ্মপুত্ৰ" নামেৰে নামকৰণ কৰা হয় ৷

অন্য এক খবৰৰ বাবে: অসম ৰাজ্যিক চিৰিয়াখানাৰ আলহী কাছাৰত উদ্ধাৰ হোৱা বন্যপ্ৰাণী

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি,আন্তৰ্জাতিক বজাৰত জব্দকৃত এই কেউবিধ পশু-পক্ষীৰে আকাশলংঘী মূল্য । কোনে,কি উদ্দেশ্যেৰে,ক'ৰ পৰা ক'লৈ এই কোটিটকীয়া দুস্প্ৰাপ্য পশু-পক্ষী কেইটা সৰবৰাহ কৰিছিল এই সন্দৰ্ভত তদন্ত চলাই থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ।

ইতিমধ্যে বিদেশী বন্যপ্ৰাণীসমূহক সৰবৰাহ কৰাৰ অভিযোগত তেলেংগানাৰ এজন আৰু মহাৰাষ্ট্ৰৰ এজন লোকক গ্ৰেপ্তাৰ কৰি জেৰা কৰি অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ এই পশু-পক্ষীকেইটা কঢ়িয়াই অনা ট্ৰাকখন তেলেংগানাৰ আছিল বুলিও চিনাক্ত কৰা হৈছে ৷ জব্দকৃত ট্ৰাকখনৰ চালকে জেৰাত স্বীকাৰ কৰিছে যে এই মূল্যবান পশু-পক্ষীসমূহ ম্যানমাৰৰ পৰা মিজোৰাম হৈ অসমৰ গুৱাহাটীলৈ আনি থকা হৈছিল আৰু তাৰ পৰবৰ্তী পৰ্যায়ত গুৱাহাটীত কোনো লোকে সেইখিনি চমজি লৈ অসমৰ বাহিৰলৈ লৈ যোৱাৰ কথা আছিল ।

অতি শীঘ্ৰে এই চক্ৰটোৰ সবিশেষ পোহৰলৈ আহিব বুলি বন্যমন্ত্ৰীয়ে উল্লেখ কৰে । ইপিনে বৰ্তমান গুৱাহাটী চিৰিয়াখানাত আটাইকেইটা প্ৰাণীৰে চিকিৎসা চলাই থকা হৈছে । ৪৫ দিন এই পশু-পক্ষীকেইটাক কোৱাৰেন্টাইনত ৰখা হ'ব আৰু তাৰ পিছত দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.