ETV Bharat / city

ৰাজহুৱা উদ্যোগক পুঁজিপতিক গটোৱাৰ চক্ৰান্ত !

তিনিটা বিশেষ বিষয় সন্দৰ্ভত শুকুৰবাৰে উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাৱত সম্বোধন কৰে এক সংবাদ মেলৰ ।

guwahati_industry_committee_pressmeet
ৰাজহুৱা উদ্যোগক পুঁজিপতিক গটোৱাৰ চক্ৰান্ত !
author img

By

Published : Sep 12, 2020, 7:32 AM IST

গুৱাহাটী,12 ছেপ্টেম্বৰ: কাছাৰ আৰু জাগীৰোড কাগজ কল দুটা বৰ্তমান সম্পূৰ্ণ মৃতপ্ৰায় । চৰকাৰে উদ্যোগ দুটাক পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যত হৈ নুঠিল । চৰকাৰৰ এনে মিথ্যাচাৰত ক্ষুন্ন এতিয়া সংগঠনটো । শেহতীয়াকৈ চৰকাৰে লোৱা নানা আঁচনিসমূহক নিৰ্বাচনী টোপ আখ্যা উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিৰ ।

ৰাজহুৱা উদ্যোগক পুঁজিপতিক গটোৱাৰ চক্ৰান্ত !

কাগজ কলৰ দৰেই একেই অৱস্থা অসম সমবায় পলিয়েষ্টাৰ লিমিটেডৰ । ২০১৬ চনৰ পৰায়ে বন্ধ হৈ আছে অসমৰ অন্যতম এটা লাভজনক উদ্যোগ । চৰকাৰে এই উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ বাবে ১০১১.৭০ লাখ টকাৰ অনুমোদন জনাইছে যদিও আদায় দিছিল ৪২৬.১২ লাখ টকাহে । পৰ্যাপ্ত পুজি সময় মতে আদায় নিদিয়াৰ বাবে এতিয়া এই উদ্যোগটোয়ো হৈ পৰিছে মৃতপ্ৰায় ।

অন্য এক খবৰৰ বাবে: শনিবাৰে চীনা সৈন্যই মোকলাই দিব বন্দী 5 অৰুণাচলী যুৱকক

বিজেপি শাসিত চৰকাৰখনৰ কথা আৰু কামৰ মাজত কোনো মিল নাই বুলিও সংবাদ মেলত মন্তব্য কৰে সংগঠনটোৰ বিষয়ববীয়া সকলে । চৰকাৰে এই উদ্যোগসমূহ পুঁজিপতিক গটাবলৈহে চক্ৰান্ত ৰচনা কৰি গৈছে বুলি উল্লেখ কৰিলে সংবাদ মেলখনত উপস্থিত সংগঠনটোৰ বিষয়ববীয়া সকলে । ইয়াৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈও সংবাদ মেলখনত সৰৱ হৈ পৰে উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্ব । এনেসমূহ ক্ষেত্ৰত চৰকাৰে শীঘ্ৰে আশাব্যঞ্জক পদক্ষেপ গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ দিলে হুংকাৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.