গুৱাহাটী,15 অক্টোবৰ: অৱশেষত আৰক্ষীৰ জালত পৰিল চাৰিচকীয়াৰ পৰা দহ চকীয়ালৈকে সকলোধৰণৰ গাড়ী চুৰ কৰি ৰাজ্যত সন্ত্ৰাসৰ সৃষ্টি কৰা কুখ্যাত গাড়ীচোৰ "মজনু" ওৰফে মজনু আলী ৷ গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত মঙলবাৰে অভিযান চলাই মহানগৰীৰ ছয় মাইলৰ পৰা স্পেচিয়েল টাক্স ফৰ্চৰ এটা দলে গ্ৰেপ্তাৰ কৰে কুখ্যাত গাড়ীচোৰ জনক ৷ বিগত কেইবাদিন ধৰি মজনুৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল স্পেচিয়েল টাক্স ফৰ্চে ৷ ইফালে ধৃত মজনু আলীৰ স্বীকাৰূক্তিৰ ভিত্তিত আৰক্ষীয়ে AS-01A-9499 নম্বৰৰ এখন স্কৰপিঅৰ লগতে NL-02Q-5466নম্বৰৰ এখন দহচকীয়া চুৰি ট্ৰাক উদ্ধাৰ কৰে ৷ টাক্স ফৰ্চৰ দলটোৱে চুৰি স্কৰপিঅ'খন বাক্সাৰ এটা গেৰেজৰ পৰা জব্দ কৰাৰ ওপৰিও চুৰি ট্ৰাকখন বঙাইগাঁৱৰ অভয়াপুৰীৰ পৰা জব্দ কৰে ৷ ধৃত গাড়ী চোৰ মজনু আলীৰ ঘৰ বৰপেটাৰ বালাপাৰাত ৷
আৰক্ষীৰ জালত কুখ্যাত গাড়ীচোৰ "মজনু" - আৰক্ষীৰ জালত কুখ্যাত গাড়ীচোৰ "মজনু"
স্পেচিয়েল টাক্স ফৰ্চৰ বৃহৎ সফলতা ৷ আৰক্ষীৰ জালত পৰিল চাৰিচকীয়াৰ পৰা দহ চকীয়ালৈকে সকলোধৰণৰ গাড়ী চুৰ কৰি ৰাজ্যত সন্ত্ৰাসৰ সৃষ্টি কৰা কুখ্যাত গাড়ীচোৰ "মজনু" ওৰফে মজনু আলী ৷
গুৱাহাটী,15 অক্টোবৰ: অৱশেষত আৰক্ষীৰ জালত পৰিল চাৰিচকীয়াৰ পৰা দহ চকীয়ালৈকে সকলোধৰণৰ গাড়ী চুৰ কৰি ৰাজ্যত সন্ত্ৰাসৰ সৃষ্টি কৰা কুখ্যাত গাড়ীচোৰ "মজনু" ওৰফে মজনু আলী ৷ গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত মঙলবাৰে অভিযান চলাই মহানগৰীৰ ছয় মাইলৰ পৰা স্পেচিয়েল টাক্স ফৰ্চৰ এটা দলে গ্ৰেপ্তাৰ কৰে কুখ্যাত গাড়ীচোৰ জনক ৷ বিগত কেইবাদিন ধৰি মজনুৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল স্পেচিয়েল টাক্স ফৰ্চে ৷ ইফালে ধৃত মজনু আলীৰ স্বীকাৰূক্তিৰ ভিত্তিত আৰক্ষীয়ে AS-01A-9499 নম্বৰৰ এখন স্কৰপিঅৰ লগতে NL-02Q-5466নম্বৰৰ এখন দহচকীয়া চুৰি ট্ৰাক উদ্ধাৰ কৰে ৷ টাক্স ফৰ্চৰ দলটোৱে চুৰি স্কৰপিঅ'খন বাক্সাৰ এটা গেৰেজৰ পৰা জব্দ কৰাৰ ওপৰিও চুৰি ট্ৰাকখন বঙাইগাঁৱৰ অভয়াপুৰীৰ পৰা জব্দ কৰে ৷ ধৃত গাড়ী চোৰ মজনু আলীৰ ঘৰ বৰপেটাৰ বালাপাৰাত ৷
কুখ্যাত গাড়ী চোৰ মজনু অলীক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
Conclusion:Asrar Ansari
Guwahati