ETV Bharat / city

ফুট ব্ৰীজে দূৰ কৰিব পাৰিবনে মহানগৰীত যান-যটৰ সমস্যা ?

author img

By

Published : Dec 23, 2020, 6:33 PM IST

Updated : Dec 23, 2020, 10:17 PM IST

গুৱাহাটী মহানগৰীৰ যান-জঁট নিয়ন্ত্ৰণ তথা মহানগৰীক স্মাৰ্ট চিটিৰ ৰূপ দিয়াৰ অংশ হিচাবে ৩২ কোটি টকা ব্যয় সাপেক্ষে মহানগৰীৰ গুৱাহাটী-শ্বিলং ৰোডত ৮ খনকৈ ফুট ব্ৰীজ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ কিন্তু এই ব্ৰীজ কেইখন নিৰ্মাণক লৈ এতিয়া অসন্তুষ্ট একাংশ মহানাগৰিক ৷

ghy-foot-bridge
ফুট ব্ৰীজে দূৰ কৰিব পাৰিবনে মহানগৰীত যান-যটৰ সমস্যা

গুৱাহাটী, ২৩ ডিচেম্বৰ: মহানগৰীত নিৰ্মাণৰত 8খন নতুন ফুট ব্ৰীজৰ কাম চলিছে তীব্ৰ গতিত ৷ ইতিমধ্যে আহিব লগা নতুন বছৰটোতে এই ব্ৰীজকেইখন গুৱাহাটী বাসীৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি জানিবলৈ দিছে বিভাগীয় কতৃপক্ষই ৷

উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমে মহানগৰীত ১০ খনকৈ নতুন ফুট ব্ৰীজ নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত প্ৰস্তাৱ আগবঢ়াইছিল ৷ ইয়াৰ পাচতে চৰকাৰে ৮ খন ফুট ব্ৰীজ নিৰ্মাণৰ বাবে অনুমোদন দিয়াৰ লগতে নিৰ্মাণ হ’ব লগা এই ফুট ব্ৰীজ বাবে মোকলাই দিয়ে ৩২ কোটি টকা । নিবিদাৰ জৰিয়তে ব্ৰীজ কেইখনৰ নিৰ্মাণৰ কামৰ দায়িত্ব দিয়া হয় গৌতম কনষ্ট্ৰাকছনক ।

এই ব্ৰীজ কেইখনে গুৱাহাটী মহানগৰীৰ যান-জঁট নিয়ন্ত্ৰণ তথা মহানগৰীক স্মাৰ্ট চিটিৰ ৰূপ দিয়াৰ অংশ হিচাবে ৩২ কোটি টকা ব্যয় সাপেক্ষে মহানগৰীৰ গুৱাহাটী-শ্বিলং ৰোডত ৮ খনকৈ ফুট ব্ৰীজ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি বিভাগীয় কতৃপক্ষই জানিবলৈ দিয়াৰ বিপৰীতে নিৰ্মাণৰত এই ব্ৰীজ কেইখনে অধিক যান-জঁটৰ সমস্যা সৃষ্টি কৰিব বুলিহে একাংশ মহানাগৰিকে মন্তব্য কৰিছে ৷ তেওঁলোকৰ মতে, ৰাজপথৰ দুয়োপাৰৰ ঠাই সংকুচিত কৰি নিৰ্মাণ কৰা হৈছে ব্ৰীজকেইখন ৷

অন্য এক খবৰৰ বাবে: জনতা ভৱনক এৰাই চলিছে বিপিএফৰ তিনি মন্ত্ৰীয়ে

Last Updated : Dec 23, 2020, 10:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.