ETV Bharat / city

অসম সাহিত্য সভাৰ 2019 বৰ্ষৰ সমাৱৰ্তন সম্পন্ন

author img

By

Published : Nov 28, 2019, 5:12 AM IST

সভাৰ প্ৰাক্তন সম্পাদক নাহেন্দ্ৰ পাদুন, কবি ড৹ পৰাগ কুমাৰ ভট্টাচাৰ্যক সাহিত্যচাৰ্য বঁটা ৷ শিক্ষাবিদ মকবুল হকলৈ আগবঢ়োৱা হ'ল এই বৰ্ষৰ শিক্ষাচাৰ্য বঁটা ৷

etv bharat assam
অসম সাহিত্য সভাৰ 2019 বৰ্ষৰ সমাৱৰ্তন সম্পন্ন

গুৱাহাটী, 27 নৱেম্বৰ: বুধবাৰে মহানগৰীস্থিত মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় অসম সাহিত্য সভাৰ 2019 বৰ্ষৰ সমাৱৰ্তন অনুষ্ঠান ৷ এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চুবুৰীয়া মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়, অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ লগতে প্ৰাক্তন সভাপতি ডা৹ ধ্ৰুৱজ্যোতি বৰাকে আদি কৰি ভালে সংখ্যক গণ্য-মান্য ব্যক্তি ৷ এই অনুষ্ঠানতে সভাই সাহিত্যচাৰ্য বঁটা প্ৰদান কৰে বিশিষ্ট সাহিত্যিক তথা মিছিং ভাষা সাহিত্যৰ পুৰোধা ব্যক্তি লগতে সভাৰ প্ৰাক্তন সম্পাদক নাহেন্দ্ৰ পাদুন আৰু সাহিত্যিক, নাট্যকাৰ ড৹ পৰাগ কুমাৰ ভট্টাচাৰ্যক ৷ লগতে শিক্ষাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে শিক্ষাচাৰ্য বঁটা প্ৰদান কৰা হয় মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ আচাৰ্য মহবুল হকক । এই বঁটা গ্ৰহণ কৰি স্বাভাৱিকতে সুখী বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে তিনিগৰাকী বিশিষ্ট ব্যক্তিয়ে ৷

আৰু পঢ়ক: আমিষত পুত্ৰৰ কামৰ সন্দৰ্ভত কি ক'লে ছবি নিৰ্মাতা মঞ্জু বৰাই

Intro:
বুধবাৰে মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় 2019 বৰ্ষৰ অসম সাহিত্য সভাৰ সমাৱৰ্তন। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়, অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাকে ধৰি সাহিত্য সভাৰ বিষয়ববীয়া আৰু বহু গণ্য মান্য ব্যক্তি।

Body:অসম সাহিত্য সভাৰ সাহিত্যচাৰ্য বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক তথা মিছিং ভাষা সাহিত্যৰ পুৰোধা ব্যক্তি আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নাহেন্দ্ৰ পাদুন আৰু বিশিষ্ট কথা কবি , সাহিত্যিক, নাট্যকাৰ , সমালোচক শিক্ষাবিদ ডঃ পৰাগ কুমাৰ ভট্টাচাৰ্যলৈ। লগতে মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ আচাৰ্য মহবুল হকলৈ আগবঢ়োৱা হয় শিক্ষাচাৰ্য বঁটা ।এই বঁটা গ্ৰহণ কৰি স্বাভাৱিকতে সুখী বুলি জানিবলৈ দিয়ে তিনিওজন গণ্য মান্য ব্যক্তিয়ে ।
Bite:- ক্ৰমান্বয়ে( পৰাগ কুমাৰ ভট্টাচাৰ্য, আচাৰ্য মহবুল হক, নাহেন্দ্ৰ পাদুন)

Conclusion:এই বঁটা প্ৰদান অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে সামৰণি ভাষণ প্ৰদান কৰাৰ লগতে তিনিওজন বিশিষ্ট ব্যক্তিক শুভেচ্ছা জ্ঞাপন কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.