গুৱাহাটী, ৩ অক্টোবৰ : সকলো দল সংগঠনকে কংগ্ৰেছ দলৰ লগত একত্ৰিত হৈ বিজেপি দলৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহ্বান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । কংগ্ৰেছ দলৰ অবিহনে বিজেপিক প্ৰতিৰোধ কৰাটো অসম্ভব বুলি মন্তব্য কংগ্ৰেছ নেতাজনৰ ।
বিৰোধী দলপতি গৰাকীয়ে কয় যে, অসমত এটা-দুটাকৈ বহুকেইটা আঞ্চলিক দল গঠন হ'ল, আকৌ দুই-একোটা দল ধ্বংস হৈয়ো গ'ল ৷ এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰো প্ৰস্তাৱিত দলটোৱে আত্মপ্ৰকাশ কৰিলে । এই সকলো সংগঠনে আঞ্চলিক দল গঠন কৰাৰ মূলতঃ বিজেপি দলৰ অপশাসন আৰু স্বৈৰাছাৰী শাসনৰ বিৰোধিতা বুলি গণ্য কৰা হৈছে ৷
বিজেপিয়ে ৰাজ্যত চলোৱা দুৰ্নীতিৰ বাবেই এই নতুন দলসমূহ গঠত হৈছে ৷ ৰাজনৈতিক ভাৱে ইয়াৰ ফলাফল যিয়ে নহওক, কংগ্ৰেছ দলে বিজেপিৰ অপশাসন আৰু তেওঁলোকৰ অসম বিৰোধী নীতি সমূহৰ লগত কেতিয়াও আপোচ কৰা নাই । বিজেপিয়ে যোৱা নিৰ্বাচন সমূহত একমাত্ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক ভুৱা কেতবোৰ প্ৰতিশ্ৰুতি দি, ভুৱা সপোন দেখুৱাই ভোট সংগ্ৰহ কৰি চৰকাৰ গঠন কৰিছে ৷
কিন্তু চৰকাৰত অহাৰ পাচতেই তেওঁলোকৰ প্ৰতিশ্ৰুতিবোৰ সম্পূৰ্ণ বিপৰীত হৈ পৰিছে ৷ এই সকলোবোৰ কথা এতিয়া অসমীয়া ৰাইজে ভালদৰে বুজি উঠিছে আৰু ৰাইজে এখন অ-বিজেপি চৰকাৰ ৰাজ্যখনত বিচাৰিছে বুলি বিৰোধী দলপতি গৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে ৷
অন্য এক খবৰৰ বাবে: কৰিমগঞ্জৰ কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত সংঘাত