ETV Bharat / city

কংক্ৰীটৰ মহানগৰীত বৃদ্ধি পাইছে হাড়গিলাৰ সংখ্যা

author img

By

Published : Oct 9, 2019, 6:16 PM IST

বংশবৃদ্ধিৰ বাবে উপযুক্ত পৰিৱেশ নথকাৰ পিছতো গুৱাহাটীত বৃদ্ধি পাইছে হাড়গিলাৰ সংখ্যা। বৰ্তমানত মহানগৰীৰ বিভিন্ন অঞ্চলত আছে ২২৬ টাকৈ হাড়গিলা।

গুৱাহাটীত বৃদ্ধি পাইছে হাড়গিলাৰ সংখ্যা

গুৱাহাটী,9 অক্টোবৰঃ পৃথিৱীৰ বুকুৰ পৰা ক্ৰমাৎ নিঃশেষ হ'বলৈ ধৰা হাড়গিলাৰ সংখ্যা বৃদ্ধি পাইছে কংক্ৰীটৰ মহানগৰীত । যোৱা ২ অক্টোবৰত মহানগৰীৰ পাঁচটাকৈ অঞ্চলত হাড়গিলা গণনাৰ অন্তত মহানগৰীত হাড়গিলাৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰিছে আৰ্লী বাৰ্ড নামৰ বেচৰকাৰী সন্থাই। ২০১৮ চনৰ গণনা অনুসৰি মহানগৰীৰ বিভিন্ন অঞ্চলত ২২২টা হাড়গিলা থকাৰ বিপৰীতে ২০১৯ চনত মহানগৰীত বৃদ্ধি পাইছে ৪ টাকৈ হাড়গিলা। বৰ্তমান গুৱাহাটীত আছে ২২৬ টা হাড়গিলা। চাওক এক বিশেষ প্ৰতিবেদনঃ

গুৱাহাটীত বৃদ্ধি পাইছে হাড়গিলাৰ সংখ্যা

গুৱাহাটী,9 অক্টোবৰঃ পৃথিৱীৰ বুকুৰ পৰা ক্ৰমাৎ নিঃশেষ হ'বলৈ ধৰা হাড়গিলাৰ সংখ্যা বৃদ্ধি পাইছে কংক্ৰীটৰ মহানগৰীত । যোৱা ২ অক্টোবৰত মহানগৰীৰ পাঁচটাকৈ অঞ্চলত হাড়গিলা গণনাৰ অন্তত মহানগৰীত হাড়গিলাৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰিছে আৰ্লী বাৰ্ড নামৰ বেচৰকাৰী সন্থাই। ২০১৮ চনৰ গণনা অনুসৰি মহানগৰীৰ বিভিন্ন অঞ্চলত ২২২টা হাড়গিলা থকাৰ বিপৰীতে ২০১৯ চনত মহানগৰীত বৃদ্ধি পাইছে ৪ টাকৈ হাড়গিলা। বৰ্তমান গুৱাহাটীত আছে ২২৬ টা হাড়গিলা। চাওক এক বিশেষ প্ৰতিবেদনঃ

গুৱাহাটীত বৃদ্ধি পাইছে হাড়গিলাৰ সংখ্যা
Intro:পৃথিৱীৰ বুকুৰ পৰা ক্ৰমাৎ নিঃশেষ হ'বলৈ ধৰা হাড়গিলাৰ সংখ্যা বৃদ্ধি পাইছে কংক্ৰীটৰ এই গুৱাহাটী মহানগৰীত। বংশবৃদ্ধিৰ বাবে উপযুক্ত পৰিৱেশ নথকাৰ পিছতো গুৱাহাটীত বৃদ্ধি পাইছে হাড়গিলাৰ সংখ্যা। বৰ্তমানত মহানগৰীৰ বিভিন্ন অঞ্চলত আছে ২২৬টাকৈ হাড়গিলা।

Body:উত্তৰ পূৱৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ কংক্ৰীটৰ এই অকাশলম্বী অট্টালিকা সমূহ হৈছে মহানগৰীখনৰ অভিজাত্যৰ সাক্ষী। সেউজীয়া গছ-গছনি, খাল, বিল, আদিৰ স্থান নাই এই অভিজাত্যত। বৰ্ধিত জনসংখ্যা আৰু নগৰীকাৰণ বাবে মহানগৰীখন এতিয়া বাসস্থানৰ বাবে অনুপযোগী পক্ষীকূলৰ বাবে। এসময়ত ওখ ওখ গছ-গছনি, বিভিন্ন খাল, বিলৰে পৰিপূৰ্ণ হৈ থকা এই গুৱাহাটী মহানগৰীখন বিচৰণস্থলী আছিল কেইবাশ হাড়গিলাৰ। উলুবাৰী, নাৰেংগী, পল্টন বজাৰত জাকে জাকে হাড়গিলা দেখিবলৈ পোৱাৰ বিপৰীতে বামুনিমৈদাম আছিল গুৱাহাটী মহানগৰৰ ভিতৰত হাড়গিলাৰ বংশবৃদ্ধিৰ অন্যতম স্থলী। ২০০৫ চনলৈকে মহানগৰীৰ এই অঞ্চল সমূহত হাড়গিলা দেখিবলৈ পোৱা গৈছিল যদিও আদ্ৰভূমি সমূহ নিঃশেষ হ'বলৈ ধৰাত ক্ৰমাৎ মহানগৰীখনৰ পৰা নাইকিয়া হৈছে হাড়গিলা।

বাইট ১: মলয় বৰুৱা, পক্ষী বিশেষজ্ঞ

যোৱা ২ অক্টোবৰত মহানগৰীৰ পাঁচটাকৈ অঞ্চলত হাড়গিলা গণনাৰ অন্তত মহানগৰীত হাড়গিলাৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰিছে আৰ্লী বাৰ্ড নামৰ বেচৰকাৰী সন্থাই। ২০১৮ চনৰ গণনা অনুসৰি মহানগৰীৰ বিভিন্ন অঞ্চলত ২২২টা হাড়গিলা থকাৰ বিপৰীতে ২০১৯ চনত মহানগৰীত বৃদ্ধি পাইছে ৪টাকৈ হাড়গিলা। বৰ্তমান মহানগৰী গুৱাহাটীত আছে ২২৬টা হাড়গিলা। বংশবৃদ্ধিৰ বাবে উপযুক্ত স্থলীৰ অভাৱৰ পিছতো গুৱাহাটীত হাড়গিলাৰ সংখ্যা বৃদ্ধি পোৱাটো পক্ষীপ্ৰেমী সকলৰ বাবে এক ইতিবাচক খবৰ। মহানগৰীৰ কাষৰীয়া অঞ্চল সমূহৰ পৰা মহানগৰীলৈ হাড়গিলা অহা পৰিলক্ষিত হয় যদিও দ্বীপৰ বিলৰ কাষত থকা বৰৱগাওঁ ডাম্পিং গ্ৰুণ্ডত বহু সংখ্যক হাড়গিলা স্থায়ীভাৱে বসবাস কৰিবলৈ ধৰিছে। ২০০২ চনত মহানগৰীত ২৮৭টা হাড়গিলা আছিল যদিও খাদ্য আৰু বংশবৃদ্ধিৰ বাবে উপযুক্ত স্থানৰ অভাৱত মহানগৰীত দ্ৰুত গতিত হ্ৰাস পোৱা হাড়গিলাৰ সংখ্যা ২০১১ চনত হৈছিলগৈ ১২৭।

বাইট ২: মলয় বৰুৱা, পক্ষী বিশেষজ্ঞ

Conclusion:গুৱাহাটী মহানগৰীৰ লগতে আৰ্লী বাৰ্ড নামৰ বেচৰকাৰী সন্থাটোৱে শিৱসাগৰ, বৰপেটা, নগাঁও জিলাৰ কিছুমান অঞ্চল হাড়গিলা গণনাৰ অন্তৰ্ভুক্ত কৰিছে। উল্লেখ্য যে এসময়ত হাড়গিলাৰ বিচৰণস্থলী হিচাপে চিহ্নিত বৰপেটা জিলাৰ পাটবাউসীত এইবাৰ দেখা নগ'ল এটাও হাড়গিলা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.