গুৱাহাটী, ৩০ আগষ্টঃ মহামাৰী কৰ'ণাৰ আতংকৰ বাবে মহানগৰীত দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল সকলোবোৰ চৰকাৰী তথা বেচৰকাৰী কাৰ্যালয় ৷ যাৰ বাবে কাৰ্যালয় সমূহৰ সকলোবোৰ কামতে ব্যাঘাত জন্মাত অসুবিধাৰ সন্মুখীন হৈছিল সৰ্বসাধাৰণ লোক সকলৰ ৷ বিশেষকৈ জৰুৰী সেৱাৰ কাৰ্যালয় সমূহৰ সেৱা অনিয়মীয়া হোৱাৰ বাবে বহু সমস্যাৰ সন্মুখীন হবলগীয়া হৈছিল ৰাইজ ৷
ইফালে এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে শেহতীয়াকৈ সপ্তাহৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলাৰ নিৰ্দেশ জাৰি কৰিছিল চৰকাৰী বেচৰকাৰী সকলোবোৰ কাৰ্যালয় ৷ চৰকাৰী নিৰ্দেশনা অনুসৰিয়েই কাৰ্যালয় সমূহত নিয়মীয়াকৈ চলিছিল সকলোবোৰ কাম -কাজ ৷
কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ গৃহবিভাগৰ ফালৰ পৰা জৰুৰী কালীন সেৱাত জড়িত কাৰ্যালয়সমূহলৈ জাৰি কৰা হৈছে আন এক নতুন নিৰ্দেশনা ৷ গৃহ বিভাগৰ নতুন নিৰ্দেশনা অনুসৰি সপ্তাহৰ প্ৰতিটো বাৰতে অৰ্থাৎ সোমবাৰৰ পৰা দেওবাৰলৈকে জৰুৰীকালীন সেৱাত জড়িত কাৰ্যালয় সমূহ খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে ৷ গৃহবিভাগৰ এই নিৰ্দেশনাৰ পাছতে দেওবাৰেও গুৱাহাটী মহানগৰীৰ প্ৰায় কেইটা চৰকাৰী কাৰ্যালয় খুলি ৰখা পৰিলক্ষিত হ’ল ৷
লগতে পঢ়ক- লক্ ডাউনত বিপৰ্যস্ত এগৰাকী অভিনেতা..