ETV Bharat / city

Legalize of Coal Business : ক’লা কয়লা বগা হ’ব, নহ'লে চৰকাৰ নচলে

author img

By

Published : Nov 29, 2021, 10:32 PM IST

কয়লা ব্যৱসায়ক বৈধতা প্ৰদানৰ বাবে তৎপৰ হৈছে চৰকাৰ (Assam government gearing up to legalize coal business ) ৷ ৰাজ্যৰ দুহেজাৰ ব্যৱসায়ীক ভূ-তত্ব আৰু খনিজ সঞ্চালকালয়ে প্ৰদান কৰিব কয়লা বেপাৰৰ অনুজ্ঞাপত্ৰ ।

Assam Government is gearing up to legalize coal business
ক’লা কয়লা বগা হ’ব

গুৱাহাটী, ২৯ নৱেম্বৰ : পূৰ্বৰ কংগ্ৰেছ চৰকাৰেই হওক অথবা পাঁচবছৰ পূৰ্বে শাসন চলোৱা সোণোৱাল চৰকাৰেই হওক, কিম্বা এতিয়াৰ ড৹ হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰেই হওক, প্ৰতিখন চৰকাৰকে সময়ে সময়ে অস্বস্তিত পেলাই অহা বিষয়টোৱেই হৈছে কয়লা ছিণ্ডিকেট(coal syndicate news of assam) । ৰাজ্যত চলি থকা এই কয়লা ছিণ্ডিকেটৰ অস্তিত্ব চৰকাৰখনে মানি ল’ব নুখুজিলেও অব্যাহত আছে এই ছিণ্ডিকেট ।

অসমত দীৰ্ঘদিন ধৰি কয়লা ব্যৱসায় বৈধতকৈ অবৈধভাৱেহে বেছিকৈ চলি আহিছিল ৷ গতিকে এতিয়া ক’লা হীৰাৰ এই হাজাৰ হাজাৰ কোটি‌টকীয়া ব্যৱসায়টোকে চৰকাৰীভাৱে বৈধ(legalize of coal business) কৰিব খোজা হৈছে । ইতিমধ্যে অসম চৰকাৰৰ ভূ-তত্ব আৰু খনিজ বিভাগে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছেই । এই নতুন ব্যৱস্থা অনুসৰি অসমৰ দুহেজাৰ ব্যৱসায়ীক ভূ-তত্ব আৰু খনিজ সঞ্চালকালয়ে প্ৰদান কৰিব কয়লা বেপাৰৰ অনুজ্ঞাপত্ৰ(Coal License Distribution in assam) । ইতিমধ্যে ২৫ গৰাকী এনে ব্যৱসায়ীক নিজ হাতেৰে ভূ-তত্ব আৰু খনিজ বিভাগৰ মন্ত্ৰী যোগেন মহনে অনুজ্ঞাপত্ৰ বিতৰণ কৰিছেই ।

তাৎপৰ্যপূৰ্ণ কথাটো হ'ল বৰাক উপত্যকাৰ লগতে উজনি অসমতো অব্যাহত থকা কয়লা ছিণ্ডিকেটৰ সৈতে দুজনকৈ বিজেপি বিধায়ক আৰু এজন জ্যেষ্ঠ বিজেপি নেতাৰ নাম সঘনে উচ্চাৰিত হৈ আহিছে । তেনেক্ষেত্ৰত এতিয়া অনুজ্ঞাপত্ৰৰ নাম লৈ ক’লা কয়লাৰ ক’লা ব্যৱসায়টোকেই বগা(Assam government gearing up to legalize coal business) কৰিবলৈ চৰকাৰ তৎপৰ হৈ উঠিছে বুলি চৰ্চা আৰম্ভ হৈছে । মূলতঃ ৰাজহ আহৰণৰ দোহাই দিয়েই কয়লা বেপাৰৰ অনুজ্ঞাপত্ৰ দিবলৈ সিদ্ধান্ত লোৱা হৈছে বুলি চৰকাৰে দাবী কৰিলেও এয়া ছিণ্ডিকেটৰাজক মান্যতা দিয়াৰহে পৰিকল্পনা বুলি ভবাৰ বহুখিনি থল আছে ।

লগতে পঢ়ক : Price hike in Assam: বজাৰত জ্বলিছে জুই অসম চৰকাৰ আছে শুই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.