ETV Bharat / city

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা - গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা

উৎকোচ লৈ হাতে লোটে ধৰা পৰিল গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা ৷ দুৰ্নীতি নিবাৰক শাখাই চলোৱা এক অভিযানত গ্ৰেপ্তাৰ হয় গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তাগৰাকী ৷

gmc-engineer-arrested-while-taking-bribe
উৎকোচ লৈ হাতে লোটে ধৰা পৰিল গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা
author img

By

Published : Oct 22, 2021, 9:09 PM IST

গুৱাহাটী, ২২ অক্টোবৰ : ৰাজ্যত শেহতীয়াকৈ বিভিন্ন কেলেংকাৰীত নাম সাঙোৰ খাইছে বহু ৰৌ-বৰালীৰ ৷ সমাজৰ মুধা-ফুটা ব্যক্তি, বিয়াগোম বিষয়া কিম্বা ৰাজনৈতিক নেতা ৷ এক কথাত অসম আৰক্ষীৰ ওচৰত হাই প্ৰফাইল অপৰাধীৰ গোচৰ ভৰি পৰিছে ৷ এইবাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল গুৱাহাটী পৌৰ নিগমৰ এগৰাকী সহকাৰী অভিযন্তা ৷

অভিযুক্ত সহকাৰী অভিযন্তাজনৰ নাম দিবাকৰ মালী বুলি জানিব পৰা গৈছে । শুকুৰবাৰে পৌৰ নিগমৰ ফাঁচী বজাৰ কাৰ্যালয়তে নগদ ৫ হাজাৰ টকা উৎকোচ লৈ থকা সময়তে হাতে-লোটে ধৰা পৰে মালী ৷ উল্লেখযোগ্য যে, দুৰ্নীতি নিবাৰক শাখাই চলোৱা এক অভিযানত গ্ৰেপ্তাৰ হয় গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা গৰাকী ।

জানিব পৰা মতে, ঠিকাদাৰক নলা পৰিষ্কাৰৰ নিবিদা আদায়ৰ বাবত ধন বিচাৰিছিল অভিযুক্ত মালীয়ে ৷

ঠিকাদাৰ জনৰ পৰা ইয়াৰ বিনিময়ত ৩০% ধন বিচাৰিছিল ধৃত মালীয়ে । শুকুৰবাৰে ইয়াৰে আগধন হিচাপে ৫ হাজৰ টকা লৈ থকা অৱস্থাতে হাতে লোটে গ্ৰেপ্তাৰ হয় মালী । ইয়াৰ পিছতে, ধৃত মালীৰ ফটাশিলৰ ঘৰত অভিযান চলাই ৮ লাখ টকা জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাই ৷

লগতে পঢ়ক : ভাৰতীয় নাগৰিকত্ব বিচাৰি 4046 গৰাকী হিন্দু সম্প্ৰদায়ৰ লোকৰ আবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.