গুৱাহাটী, 20 নৱেম্বৰ : গুৱাহাটী পৌৰ নিগমে পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায়ী চলাই থকা গুৱাহাটীৰ চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । পৌৰ নিগমৰ অভিযানকাৰী দলে শনিবাৰে ছয়মাইলত কেবাখনো চেলুন-স্পা-বিউটী পাৰ্লাৰত অভিযান চলায় । পৌৰ নিগমৰ অভিযানকাৰী দলটোৱে পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায়ী চলাই থকা ৫ খন চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে ।
পৌৰ নিগমে চেলুন-স্পা-বিউটী পাৰ্লাৰকেইখনৰ পৰা ২৭ হাজাৰ ৫০০ টকা জৰিমনা আদায় কৰে । লগতে চেলুন-স্পা-বিউটী পাৰ্লাকেইখনলৈ পৌৰ নিগমে জাননী জাৰি কৰিছে । পৌৰ নিগমৰ অভিযানকাৰী দলটোয়ে ছয়মাইলত ৬ খন চেলুন-স্পা-বিউটী পাৰ্লাৰত, এখন কাপোৰৰ দোকান আৰু এখন ব্যায়ামগাৰত(Gym)ত অভিযান চলাইছিল । অভিযানত ৫ খন চেলুন-স্পা-বিউটী পাৰ্লাৰে পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকাৰ তথ্য পৌৰ নিগমৰ অভিযানকাৰী দলে লাভ কৰিছিল ।
উল্লেখ্য যে, বৃহস্পতিবাৰে পৌৰ নিগমে জি এছ ৰোডৰ ডনা প্লেনেট আৰু ৰুদ্ৰাক্ষ শ্বপিং মলত থকা ৭ খন চেলুন-স্পা-বিউটী পাৰ্লাৰত অভিযান চলায় পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায়ী চলাই থকা ডনা প্লেনত থকা ৪ খন চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল । এই ৪ খন চেলুন-স্পা-বিউটী পাৰ্লাৰ পৰা পৌৰ নিগমে ৫৩ হাজাৰ টকা জৰিমনা আদায় কৰিছিল ।
পৌৰ নিগমৰ দলে বুধবাৰে আকৌ লাখটকীয়া, নেপালী মন্দিৰ আৰু গণেশগুৰিত অভিযান চলায় ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায়ী চলাই থকা ৪ খন চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে জাননী জাৰী কৰিছিল । পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মাই জনায় যে, পৌৰ নিগমে এই অভিযান অব্যাহত ৰাখিব । গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা ১৫ নৱেম্বৰত নিয়ম ভংগকাৰী চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জাননী জাৰি কৰা হৈছিল ।
লগতে পঢ়ক : চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান