ETV Bharat / city

ৰাজহুৱা স্থানত অবৈধভাৱে পোষ্টাৰ লগোৱা লোকৰ প্ৰমাণ দিলে GMC য়ে দিব ১০০০ টকাৰ পুৰস্কাৰ - উৰণীয়া সেতু

এতিয়া পৰা গুৱাহাটী পৌৰ নিগমৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত লগোৱা পোষ্টাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নিগমে ৷ থু-খেকাৰ, পিক পোলৱা সম্পৰ্কতো মন্তব্য পৌৰ আয়ুক্ত দেৱশীষ শৰ্মাৰ ৷ জানো আহক উৰণীয়া সেঁতুত সোমবাৰে নিশা জন্মদিন আয়োজন কৰা মহিলা সম্পৰ্কত কি ক’লে দেৱাশীষ শৰ্মাই ৷

gmc-commissioner-on-cleanliness-of-the-city
ৰাজহুৱা স্থানত অবৈধ ভাৱে পোষ্টাৰ লগোৱা লোকৰ প্ৰমাণ দিলে GMC য়ে দিব ১০০০ টকাৰ পুৰস্কাৰ
author img

By

Published : Nov 9, 2021, 8:42 PM IST

গুৱাহাটী, ৯ নৱেম্বৰ : গুৱাহাটী মহানগৰীক পৰিষ্কাৰ তথা চাফ-চিকুণ কৰি ৰখা বাবে গুৱাহাটী পৌৰ নিগমৰ কঠোৰ ব্যৱস্থা । ৰাজহুৱা স্থানত অবৈধভাৱে লগোৱা যিকোনো ধৰণৰ বিজ্ঞাপনৰ বিৰুদ্ধে কঠোৰ হ'ব পৌৰ নিগম । মঙলবাৰে পৌৰ আয়ুক্ত দেৱশীষ শৰ্মাই এক সংবাদমেল যোগে এই ঘোষণা কৰে । হোষ্টেল, টিউচন ইনষ্টিটিউট, ভাড়া ঘৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অবৈধ বিজ্ঞাপন বিৰুদ্ধে নিগমে বুধবাৰৰ পৰা মহানগৰীত চলাব অভিযান ।

ৰাজহুৱা স্থানত অবৈধ ভাৱে পোষ্টাৰ লগোৱা লোকৰ প্ৰমাণ দিলে GMC য়ে দিব ১০০০ টকাৰ পুৰস্কাৰ

শেহতীয়াভাৱে নতুনকৈ মুকলি হোৱা দিছপুৰ চুপাৰমাৰ্কেট সংযোগী উৰণীয়া সেঁতুত একাংশই লগোৱা বিজ্ঞাপন প্ৰসংগ উত্থাপন কৰি শৰ্মাই চাফ-চিকুণ কৰি ৰখাৰ বাবে আহ্বান কৰিও সফলতা নোপোৱাৰ কথা কয় । বাধ্যত পৰি একাংশ নাগৰিকৰ বাবে কঠোৰ নীতি-নিয়ম লোৱাৰ কথাও উল্লেখ কৰে শৰ্মাই । মহানগৰৰ ভিতৰত এতিয়া পৰা নিগমৰ অনুমতি অবিহনে লগোৱা পোষ্টাৰ বিৰুদ্ধে গুৱাহাটীৰ পৌৰ নিগম আইনৰ ৩৯০ নং দফাৰ অধীনত ব্যৱস্থা গ্ৰহণৰ লগতে প্ৰয়োজনত গোচৰ দাখিল কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে আয়ুক্ত গৰাকীয়ে ।

আনহাতে, মহানগৰীবাসীক এইদৰে পোষ্টাৰ লগাই থকা কোনো ব্যক্তিক দেখাৰ লগে লগেই নিজৰ ম’বাইলত আৱদ্ধ কৰি নিগমলৈ প্ৰেৰণৰ আহ্বান জনায় । তথ্যসহ ফটো প্ৰেৰণ কৰাজনলৈ নিগমে দিব ১০০০ টকাকৈ পুৰস্কাৰ । নিগমে মঙলবাৰে তথ্য-ফটো প্ৰেৰণৰ বাবে ৪টা ফোন নম্বৰ মুকলি কৰিছে । ফোন নম্বৰ 8811007000, 7399003001, 7399003002, 7399003004 ।

মহানগৰবাসীক আহ্বান জনায় আয়ুক্ত শৰ্মাই কয়, ''দায়িত্বশীল নাগৰিক হিচাপে যতে-ততে থু-খেকাৰ, পিক নেপেলাব । নিজৰ মহানগৰখনত য’তে-ততে পোষ্টাৰিং নকৰিব ।'' বুধবাৰৰ পৰা পৌৰ নিগমে নিয়মভংগকাৰী বিৰুদ্ধে ব্যৱস্থা ল’ব বুলিও আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে । আনহাতে, যিসকলে নতুন উৰণীয়া হেতুত ইতিমধ্যে পোষ্টাৰিং লগাইছে তেওঁলোকক সেইসমূহ আঁতৰোৱা বাবে ১৫ দিনৰ সময়সীমা বান্ধিলে নিগমে ইয়াৰ অন্যথা নিগমে ব্যৱস্থা ল’ব বুলিও জানিব দিয়ে শৰ্মাই ৷

আনহাতে, নতুনকৈ উদ্বোধন কৰা উৰণীয়া সেঁতুত সোমবাৰে নিশা জন্মদিন আয়োজন কৰা মহিলা গৰাকী বিৰুদ্ধে কোনো লোকে অভিযোগ বা এজাহৰ দিলে নিগমে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আয়ুক্ত শৰ্মাই কয় । আনহাতে, মহানগৰীৰ ৰাজহুৱা স্থানত বুধবাৰ পৰা পিক পেলালে ভৰিব লাগিব জৰিমনা । নিগমে এইক্ষেত্ৰত নিৰ্ধাৰণ কৰিছে ১০০০ টকাকৈ জৰিমনা ।

লগতে পঢ়ক : লামডিঙৰ উচ্ছেদ অভিযানৰ মাজতে উত্তেজনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.