গুৱাহাটী, ১০ আগষ্ট: শনিবাৰে আনুষ্ঠানিক ভাৱে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী গৌতম ৰয়ে ৷ ৰাজ্যৰ ৰাজনীতিত পূৰ্বৰে পৰা চলি অহা পদত্যাগৰ চৰ্চাক সত্য প্ৰমানিত কৰি কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে কংগ্ৰেছৰ আন এজন বলিষ্ঠ নেতা ভুৱনেশ্বৰ কলিতাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, গৌতম ৰয়েও বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷