ETV Bharat / city

কি পৰ্যায়ত আছে গুৱাহাটী বিশ্ববিদ্যালয় ‘আইডল কেলেংকাৰী’ৰ তদন্ত প্ৰক্ৰিয়া ! - অবৈধভাৱে 21 টা বিষয়ৰ পাঠ্যক্রম চলোৱা তদন্ত

স্বীকৃতি আৰু অনুমোদনহীনভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠান চমুকৈ আইডলে অবৈধভাৱে 21 টা বিষয়ৰ পাঠ্যক্রম চলাই যোৱা সন্দর্ভত তদন্ত চলাই আছে দুখনকৈ কমিটিয়ে ৷

গুৱাহাটী বিশ্ববিদ্যালয় ‘আইডল কেলেংকাৰী’

author img

By

Published : Feb 10, 2020, 4:14 AM IST

গুৱাহাটী, 10 ফেব্ৰুৱাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠান চমুকৈ আইডলৰ বিভিন্ন কেলেংকাৰী কথা ইতিমধ্যেই উন্মোচিত হৈছে । শেহতীয়াকৈ ফাদিল হৈছিল স্বীকৃতি আৰু অনুমোদন অবিহনেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠানটোৱে অবৈধভাৱে মুঠ 21 টা বিষয় ৰ পাঠ্যক্রম চলাই যোৱাৰ এক বৃহৎ কেলেংকাৰীৰ কথা ৷

গুৱাহাটী বিশ্ববিদ্যালয় আইডল কেলেংকাৰী
গুৱাহাটী বিশ্ববিদ্যালয় আইডল কেলেংকাৰী

তাৰ পাচতেই এই বিষয়ে বিশ্ববিদ্যালয়খনৰ উপাচার্য ড৹ প্রতাপ জ্যোতি সন্দিকৈয়ে ঘোষণা কৰিছিল তদন্তৰ ৷ যাৰ বাবে গঠন কৰা হৈছিল দুখনকৈ তদন্ত কমিটি ৷ এই বৃহৎ কেলেংকাৰী সন্দৰ্ভত কমিটি দুখনে চলাই আছে তদন্ত প্ৰক্ৰিয়া । ইয়াৰে এখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰে গঠিত 7 জনীয়া কমিটি আৰু আনখন হৈছে প্ৰাক্তন মুখ্য ন্যায়াধীশ আফটাৱ হুছেইন শইকীয়াৰ নেতৃত্বত গঠিত এজনীয়া কমিটি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠান

7 জনীয়া কমিটিটোৱে ঘটনাটোৰ তদন্ত কৰি এমাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল । কিন্তু এমাহ উকলি যোৱাৰ পিছতো প্ৰতিবেদন ৰাজহুৱা নকৰাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চৌদিশে ।

অৱশ্যে এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ইটিভি ভাৰতৰ আগত কয় যে, প্ৰথমে সাতজনীয়া কমিটি খনে প্ৰতিবেদনটো মুখ্য ন্যায়াধীশৰ হাতত দাখিল কৰিব লাগিব । আইনী দিশসমূহ চালি জাৰি চোৱাৰ পাচতহে ৰাজহুৱা কৰিব পাৰিব প্ৰতিবেদন ।

আইডল কেলেংকাৰী

উল্লেখযোগ্য যে, যোৱা কিছুদিন পূৰ্বে তদন্ত ক্ষীপ্ৰগতিত কৰাৰ লগতে বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰাৰ দাবীত আছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তদন্ত আয়োগৰ ব্যক্তিগত সচিবৰ হাতত দুখনকৈ আবেদন জনাইছিল । মুঠ ৭৩,৯১২ গৰাকী শিক্ষাৰ্থী ৰ ভৱিষ্যতলৈ অনিশ্চয়তা কঢ়িয়াই অনা এই কেলেংকাৰীত জড়িত সকলক অতি সোনকালে চিনাক্ত কৰি উচিত শাস্তি বিহাৰ দাবী তুলিছে বিভিন্ন মহলে ।

Intro:Special story

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান চমুকৈ আইডলৰ বিভিন্ন কেলেংকাৰী ইতিমধ্যেই উন্মোচিত হৈছে। এই বৃহৎ কেলেংকাৰী সন্দৰ্ভত দুখনকৈ কমিটিয়ে কৰি আছে তদন্ত। ইয়াৰে এখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰে গঠিত সাতজনীয়া কমিটি আৰু আনখন হৈছে প্ৰাক্তন মুখ্য ন্যায়াধীশ আফটাৱ হুছেইন শইকীয়াৰ নেতৃত্বত এজনীয়া কমিটি। সাতজনীয়া কমিটিয়ে ঘটনাটো তদন্ত কৰি এমাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল। কিন্তু এমাহ উকলি যোৱাৰ পিছতো প্ৰতিবেদন ৰাজহুৱা নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল চৌদিশে। এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা অনুসৰি প্ৰথমে সাতজনীয়া কমিটিয়ে প্ৰতিবেদন মুখ্য ন্যায়াধীশৰ হাতত দাখিল কৰিব লাগিব। আইনী দিশসমূহ চালি জাৰি চোৱাৰ পিছতহে ৰাজহুৱা কৰিব পাৰিব প্ৰতিবেদন। উল্লেখযোগ্য যে যোৱা কিছুদিন পূৰ্বে তদন্ত ক্ষীপ্ৰগতিত কৰাৰ লগতে বিষয়টো পূংখানুপূংখভাৱে তদন্ত কৰাৰ দাবীত আছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তদন্ত আয়োগৰ ব্যক্তিগত সচিবৰ হাতত দুখনকৈ আবেদন কৰিছিল। কিন্তু সি যি কি নহওঁক প্ৰায় ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ অনিশ্চয়তা কঢ়িয়াই অনা এই কেলেংকাৰীত জড়িত সকলো ব্যক্তিকে চিনাক্ত কৰি শাস্তি বিহাৰ দাবী তুলিছে সকলোৱে।
Byte - ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ, উপাচাৰ্য (গুৱাহাটী বিশ্ববিদ্যালয়)
Video RTU format Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.