ETV Bharat / city

পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ - 29 ছেপ্তেম্বৰত বিএডৰ লিখিত পৰীক্ষা

বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ অনুসৰি শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে গুৱাহাটী বিশ্ববিদ্যালয় । অহা 15 ছেপ্তেম্বৰৰ পৰা 20 ছেপ্তেম্বৰলৈ বিএডৰ ব্যৱহাৰিক পৰীক্ষা আৰু 22 ছেপ্তেম্বৰ পৰা 29 ছেপ্তেম্বৰলৈ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । ইয়াৰোপৰি 22 ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'ব আন আন স্নাতক পৰ্যায়ৰ পৰীক্ষাসমূহ ।

Gauhati University authorities to conduct the examination

author img

By

Published : Sep 7, 2020, 4:35 PM IST

Updated : Sep 7, 2020, 4:54 PM IST

গুৱাহাটী, 7 ছেপ্তেম্বৰ: কৰ'ণা সৃষ্ট পৰিৱেশৰ বাবে বন্ধ হৈ থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ প্ৰচেষ্টা আৰম্ভ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ । চৰকাৰী নিয়ম-নীতি আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ । পৰ্যায়ক্ৰমে অনুষ্ঠিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ ।

ইতিমধ্যেই প্ৰকাশ কৰা হৈছে পৰীক্ষাৰ সূচী । শেহতীয়াকৈ ঘোষিত বিএড পৰীক্ষাৰ সূচী অনুসৰি 15 ছেপ্তেম্বৰৰ পৰা 20 ছেপ্তেম্বৰলৈ ব্যৱহাৰিক পৰীক্ষা আৰু 22 ছেপ্তেম্বৰ পৰা 29 ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ'ব বিএডৰ লিখিত পৰীক্ষা । ইয়াৰোপৰি 22 ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'ব আন আন স্নাতক পৰ্যায়ৰ পৰীক্ষাসমূহ ।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰেই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে । এই কথা সংবাদ মাধ্যমক জনালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সচিব দিলীপ বৰাই । তেখেতে জনোৱা অনুসৰি, এইবাৰ নতুন পদ্ধতিত পৰীক্ষা অনুষ্ঠিত হ'ব ।

পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ

বিশ্ববিদ্যালয় অনুদান আয়োগৰ লগতে শিক্ষা বিভাগে উক্ত পদ্ধতিতে পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে । আনহাতে সকলো ঠিকে ঠাকে থাকিলে নিৰ্ধাৰিত সময়তে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সচিবগৰাকীয়ে । ইফালে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । বিশ্ববিদ্যালয়ৰ শ্ৰেণী কোঠা,হোষ্টেল তথা কাৰ্যালয়সমূহ চেনিটাইজ কৰি বীজাণুমুক্ত কৰি সাজু কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ।

লগতে চাওক-আচৰিত ! ক’ত প্ৰতি কেজি নিমখৰ মূল্য 200 টকা

Last Updated : Sep 7, 2020, 4:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.