গুৱাহাটী,26ছেপ্টেম্বৰঃ এতিয়া আৰু ৰন্ধন গেছ ছিলিণ্ডাৰৰ বাবে দীঘলীয়া শাৰী পতাৰ প্ৰয়োজন নাই গুৱাহাটীবাসীয়ে । কিয়নো ডি এন পি লিমিটেডে আগন্তক দুবছৰৰ ভিতৰত গুৱাহাটী আৰু বৰাকত পাইপ লাইনৰে যোগান ধৰিব ৰন্ধন গেছ । ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে ডি এন পি লিমিটেডৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে । অধ্যক্ষ গোস্বামীৰ মন্তব্য - মহানগৰবাসীৰ ঘৰে ঘৰে পাইপ যোগে ৰন্ধন গেছৰ যোগান ধৰাৰ বাবে প্ৰস্তুতি অব্যাহত আছে । উল্লেখ্য যে, প্ৰথমে গুৱাহাটী আৰু তাৰপিছত বৰাক উপত্যকাত এই পাইপ লাইন সংযোগ কৰাৰ হ'ব । আনহাতে দ্বিতীয় পৰ্যায়ত অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যলৈ এই গেছ লাইন লৈ যোৱা পৰিকল্পনা কৰা হৈছে বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে ।
আৰু চাওকঃ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এইবাৰ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ