ETV Bharat / city

Prescription Forgery in GMCH : ভুৱা প্ৰেছক্রিপচনেৰে ঔষধ নিবলৈ আহি আটক দালাল

author img

By

Published : Jan 10, 2022, 10:40 PM IST

এইবাৰ প্ৰেছক্ৰিপশ্যন নকল কৰি হাতে-লোটে ধৰা পৰিল এটা দালাল । ভুৱা প্ৰেছক্ৰিপশ্যনেৰে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ঔষধ সংগ্ৰহ কৰি বিক্ৰী কৰাৰ পিছতে কৰায়ত্ব হয় দালালটো (Forgery of prescription in GMCH) ৷

Prescription Forgery in GMCH
ভুৱা প্ৰেছক্রিপচনেৰে ঔষধ নিবলৈ আহি আটক দালাল

গুৱাহাটী, ১০ জানুৱাৰী : গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰেছক্ৰিপশ্যন নকল কৰি হাতে-লোটে ধৰা পৰিল এটা দালাল (Forgery of prescription in GMCH)। বিনামূলীয়া ঔষধ ভুৱা প্ৰেছক্ৰিপশ্যনে চিকিৎসালয়খনৰ পৰা সংগ্ৰহ কৰি বাহিৰত বিক্ৰী কৰি আহিছিল ধৃত দালালটোৱে ।

আটক কৰা দালালটো কুলদ্বীপ দত্ত বুলি জানিব পৰা গৈছে । ধৃত কুলদ্বীপৰ ঘৰ গুৱাহাটী হেঙেৰাবাৰীত । উল্লেখ্য যে, ৰোগীৰ বাবে অহা ঔষধ ভুৱা প্ৰেছক্ৰিপশ্যন দেখুৱাই নিবলৈ আহোঁতে ফাৰ্মাচিষ্টৰ সন্দেহ হোৱাত প্ৰশ্ন কৰাতে দালালটো পলাবলৈ চেষ্টা কৰে যদিও আটক কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত জিএমচিএইচ কর্তৃপক্ষই ভঙাগড় আৰক্ষী থানাত গতাই দিয়ে দালাল কুলদ্বীপক ।

গুৰুত্বপূৰ্ণ কথা যে, কেইদিনমানৰ পূৰ্বেই এগৰাকী ৰোগীক আই চি ইউ দিয়া নামত ধন লৈ গ্ৰেপ্তাৰ হৈছিল এটা দালাল । ইয়াৰ সমান্তৰালকৈ এজন স্থায়ী ফাৰ্মাচিষ্টো মেডিকেলৰ পৰা বিনামূলীয়া ঔষধ লৈ আটক হৈছিল ।

লগতে পঢ়ক: Police Encounter at chabua : চাবুৱাত আৰক্ষীৰ গুলীত আহত ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.