ETV Bharat / city

লকডাউনৰ পিচতেই ৰাজ্যত হোৰাহোৰে বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি শাকপাচলিৰ মূল্য - প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

সোমবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটো চৰকাৰী নীতিনিয়ম মানি খোলা পৰিলক্ষিত হ’ল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ পঞ্চাশ শতাংশ যাত্ৰীৰে সৈতে চলিল চিটি বাছসমূহো ৷ কিন্তু বজাৰলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ আহিহে মূৰেকপালে হাত দিব লগা হৈছে গ্ৰাহক সমাজে ৷

বজাৰত হোৰাহোৰে বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

author img

By

Published : Aug 19, 2020, 12:07 AM IST

গুৱাহাটী, ১৮ আগষ্টঃ প্ৰায় ছমাহৰ অন্তত কিছু শিথিলতা নামি আহিছে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীলৈকো ৷ মহামাৰী কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে ৰাজ্যজুৰি ঘোষণা কৰা হৈছিল লকডাউন ৷ জাৰি কৰা হৈছিল সান্ধ্য আইন ৷ যাৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল সৰু বৰ সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান ৷

বৰ্তমান কোৰোনাৰ সংহাৰ কিছু পৰিমাণে স্তিমিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছে লকডাউন ৷ কোৰোনা সজাগতাৰ সকলোবোৰ চৰকাৰী নীতি নিয়ম মানি চলি পথৰ দুয়োকাষে খুলিবলৈ নিৰ্দেশ দিয়া হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ সোমবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটো চৰকাৰী নীতিনিয়ম মানি খোলা পৰিলক্ষিত হ’ল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ পঞ্চাশ শতাংশ যাত্ৰীৰে সৈতে চলিল চিটি বাছসমূহো ৷

কিন্তু বজাৰলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ আহিহে মূৰেকপালে হাত দিব লগা হৈছে গ্ৰাহক সমাজে ৷ কাৰণ জুইছাই দাম অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীৰ ৷ দীৰ্ঘদিন ধৰি চলা লকডাউনৰ পৰিপ্ৰেক্ষিতত আকাশলংঘী হ’ল প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ বিশেষকৈ মূল্য বৃদ্ধি ঘটিছে কেঁচা খাদ্য সামগ্ৰী যেনে আলু, পিয়াঁজকে ধৰি অন্যান্য শাকপাচলিৰ ৷ লকডাউনৰ ফলশ্ৰুতিত ২০ টকীয়া আলু বজাৰত বেচিছে ৩০-৪০ টকা দৰত ৷ সমান্তৰালভাৱে প্ৰতি কিলো পিয়াঁজ বিক্ৰী কৰিছে ৫০-৬০ টকা দৰত ৷ দাম বৃদ্ধি কৰিছে ভেণ্ডি,গাজৰ,বিলাহী,মূলা আদিৰো ৷ মূলা প্ৰতি কিলোত প্ৰায় ২০০ টকা দৰত বিক্ৰী কৰাৰ পৰিৱৰ্তে গাজৰ প্ৰতি কিলোত ১৬০ টকা,ভেণ্ডি ১২০ টকা দৰত বিক্ৰী কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু লক্ষনীয়ভাৱে দাম বৃদ্ধি হোৱা পৰিলক্ষিত হোৱা নাই চাউল,দাইল,মিঠাতেল আদি গেলামালৰ সামগ্ৰীসমূহৰ ৷

বজাৰত হোৰাহোৰে বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

কিন্তু হ’লে কি হ’ব, উপায়োতো নাই ৷ চ’ৰা দাম হ’লেও ক্ৰয় কৰিব লগা হৈছে সামগ্ৰী ৷ দুই এজন গ্ৰাহকে এনে অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰিছে যদিও উপায়ন্তৰ হৈ সেই দামতে ক্ৰয় কৰিব লগাত পৰিছে সামগ্ৰীসমূহ ৷ পাছে ৰাজ্যৰ যোগান বিভাগে সামগ্ৰীৰ এনে অস্বাভাৱিক মূল্য বৃদ্ধিৰ প্ৰতি কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক : আৰিয়া 2020 ৰেংকিঙত উজলিল আইআইটি মাদ্ৰাছ, কেআইআইটি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.