ETV Bharat / city

ৰাজ্যৰ প্ৰলয়ংকাৰী বানত মৃতকৰ সংখ্যা 89 লৈ বৃদ্ধি

author img

By

Published : Jul 22, 2020, 7:36 PM IST

Updated : Jul 22, 2020, 8:00 PM IST

ৰাজ্যত বৰ্তমান 26 খনকৈ জিলা বানত আক্ৰান্ত ৷ কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাৰ্তালাপ কৰে ৷ বান ব্যৱস্থাপনা আঁচনিৰ অধীনত অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে প্ৰথম কিস্তিত 346 কোটি টকা মুকলি কৰি দিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে ৷

ৰাজ্যত বৰ্তমান 26 খনকৈ জিলা বানত আক্ৰান্ত
ৰাজ্যৰ বান পৰিস্থিতি

নিউজ ডেস্ক, 22 জুলাই : অসম দূৰ্যোগ প্ৰশমন বিভাগে প্ৰদান কৰা শেহতীয়া 24 ঘন্টাৰ তথ্য অনুসৰি, বৰ্তমান অসমত 26 খন জিলা বানৰ কবলত আছে ৷ আনহাতে, 75 টা ৰাজহ চক্ৰৰ প্ৰায় 2,525 খন গাঁও আক্ৰান্ত হৈ আছে বানত ৷ প্ৰায় 1,15,515.25 হেক্টৰ কৃষিভূমি বৰ্তমান পানীৰ তলত ৷

যোৱা 24 ঘন্টাত দুজন লোকে বানৰ ফলত প্ৰাণ হেৰুওৱাৰ ফলত বৰ্তমানলৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰোপৰি, 26,31,343 গৰাকী লোক বানত আক্ৰান্ত হৈছে ৷ সৰ্বমুঠ 391 টা আশ্ৰয় শিবিৰত বাস কৰি আছে 45,281 গৰাকী লোকে ৷

আনহাতে, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ সৈতে সৰ্বানন্দ মুখ্যমন্ত্ৰী সোণোৱালে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বাৰ্তালাপ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সোণোৱালক জনোৱা অনুসৰি, বান ব্যৱস্থাপনা আঁচনিৰ অধীনত অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে প্ৰথম কিস্তিত 346 কোটি টকা মুকলি কৰি দিব৷ নামনি অসমৰ বান সমস্যা সমাধানৰ বাবেও কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে ভূটান চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব বুলিও সোণোৱালে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : বাঘজানত পুনৰ দুৰ্ঘটনা : তৈলক্ষেত্ৰত বিস্ফোৰণত আহত তিনি বিশেষজ্ঞ

Last Updated : Jul 22, 2020, 8:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.