ETV Bharat / city

হোটেল নক্ষত্ৰত অঘটন: গ্ৰেপ্তাৰ পাচঁ দুধৰ্ষ অপৰাধী - Basistha Police

ধন হৰলুকি কাৰ্যৰে জড়িত আছিল ধৃত পাঁচ অপৰাধী ৷

হোটেল নক্ষত্ৰত অঘটন: গ্ৰেপ্তাৰ পাচঁ দুধৰ্ষ অপৰাধী
author img

By

Published : Oct 10, 2019, 11:41 PM IST

গুৱাহাটী, 10 অক্টোবৰ: দিনে দিনে অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ দীৰ্ঘদিন ধৰি মহানগৰীত সক্ৰিয় অৱস্থাত আছে বহি:ৰাজ্যৰ ধন হৰলুকি চক্ৰ ৷ বৃহস্পতিবাৰে দিনে পোহৰে মহানগৰ আৰক্ষীয়ে বেলতলাস্থিত বিলাসী নক্ষত্ৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে পাঁচজনক দুধৰ্ষ অপৰাধী ৷ ধন হৰলুকি চক্ৰৰে জড়িত সন্দেহ থকা দুধৰ্ষ অপৰাধী কেইটাই হোটেল নক্ষত্ৰত বাহৰ পাতি আছিল ৷ গোপন সুত্ৰৰ পম খেদি অপৰাধ অনুসন্ধান শাখা আৰু বশিষ্ঠ আৰক্ষীয়ে যুটীয়া অভিযান চলাই হোটেল নক্ষত্ৰৰ ৬০৭ নম্বৰ কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰে দুধৰ্ষ অপৰাধী কেইজনক ৷

গ্ৰেপ্তাৰ হোৱা পাঁচ অপৰাধীৰ আকাশ শৰ্মাৰ ঘৰ দিল্লীত আৰু প্ৰফুল্ল লালজাণুৰ ঘৰ মহাৰাষ্ট্ৰত ৷ আন তিনিজন ক্ৰমে সমৰেন্দ্ৰ ব্ৰহ্ম, সুনীল বাগলাৰী আৰু মেৰাজ আহমেদ লস্কৰৰ ঘৰ অসমত ৷ ধৃত অপৰাধী কেইজনৰ পৰা আৰক্ষীয়ে ২০ খন এটিএম কাৰ্ডৰ লগতে কেইবাখনো চেকবুক জব্দ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

Intro:হোটেল নক্ষত্ৰ পৰা গ্ৰেপ্তাৰ পাঁচ দুধৰ্ষ অপৰাধীBody:বশিষ্ট আৰক্ষী থানাৰ অন্তৰ্গত বেলতলাস্থিত হোটেল নক্ষত্ৰত বাঁহৰ পাতি আছিল ৫ দুধৰ্ষ অপৰাধী । অপৰাধ অনুসন্ধান শাখা আৰু বশিষ্ঠ আৰক্ষীয়ে যুটীয়া অভিযান চলাই হোটেল নক্ষত্ৰৰ ৬০৭ নম্বৰ কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰে অপৰাধী কেইজনক। গ্ৰেপ্তাৰ পাঁচ দুধৰ্ষ অপৰাধী আকাশ শৰ্মা (দিল্লী)
সমৰেন্দ্ৰ ব্ৰহ্ম(কোকৰাঝাৰ) প্ৰফুল্ল লালজাণুৰ ( মহাৰাষ্ট্ৰ) সুনীল বাগলাৰী (অসম) আৰু মেহৰাজ আহমেদ লস্কৰ (অসম)। আৰক্ষীয়ে জব্দ কৰে ২০ খন এটিএম কাৰ্ড আৰু বহু কেইটা চেকবুক । দীৰ্ঘদিন ধৰি ধন হৰলুকি কাৰ্যত জড়িত আছিল দুধৰ্ষ অপৰাধী । এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Conclusion:Asrar Anaari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.