নিউজ ডেস্ক, 1 আগষ্ট : অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী,প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব আৰ ডি প্ৰধানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷
এক শোকাবাৰ্তা জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী আৰ ডি প্ৰধানৰ সমাজৰ জীৱনলৈ যি অৰিহণা আগবঢ়াই গৈছ সেয়া জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলি উল্লেখ কৰে ৷ লগতে কয়, উত্তৰ-পূৰ্বাঞ্চল তথা অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰয়াত আৰ ডি প্ৰধানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ এই দক্ষ বিষয়াগৰাকীৰ বিয়োগ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
লগতে চাওক-অসম চৰকাৰলৈ ভূটানৰ নৃপতিৰ কৃতজ্ঞতা প্ৰদান