ETV Bharat / city

"সময় সলনি হয়, কিন্তু সততাৰ দাম একেই থাকে" : বিদায় ক্ষণত এই মন্তব্য কুলধৰ শইকীয়াৰ - কুলধৰ শইকীয়া

অসম আৰক্ষীৰ সুনাম জাতে বৰ্তি থাকে তাৰ বাবে কাৰ্যকালত সদায় চেষ্টা কৰি আহিছে কুলধৰ শইকীয়াই ৷ ৰাইজৰ লগতে আৰক্ষী বিষয়া সকলে প্ৰতি নিয়ত সহায় কৰি যোৱাৰ বাবে কৃতজ্ঞতা জনালে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে

কুলধৰ শইকীয়া
"সময় সলনি হয়, কিন্তু সততাৰ দাম একেই থাকে" : বিদায় ক্ষণত এই মন্তব্য কুলধৰ শইকীয়াৰ
author img

By

Published : Nov 30, 2019, 10:34 PM IST

গুৱাহাটী, নৱেম্বৰ 30 : আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই ৷ শনিবাৰে বিয়লি এখন সংবাদমেল আয়োজন কৰে বিদায়ী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ সংবাদমেলত তেখেতে কয় যে, অসম আৰক্ষীৰ সুনাম জাতে বৰ্তি থাকে তাৰ বাবে কাৰ্যকালত সদায় চেষ্টা কৰি আহিছে কুলধৰ শইকীয়াই ৷ ৰাইজৰ লগতে আৰক্ষী বিষয়া সকলে প্ৰতি নিয়ত সহায় কৰি যোৱাৰ বাবে কৃতজ্ঞতা জনালে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে৷

"সময় সলনি হয়, কিন্তু সততাৰ দাম একেই থাকে" : বিদায় ক্ষণত এই মন্তব্য কুলধৰ শইকীয়াৰ

সুস্থ নাগৰিক গঢ়াৰ ক্ষেত্ৰত অসম আৰক্ষীৰ তৰফৰ পৰা ব্যৱস্থা লোৱাৰ কথা জনায় কুলধৰ শইকীয়াই ৷ চাইবাৰ চেল গঠন, চ'ছিয়েল মিডিয়াৰে ৰাইজৰ লগত প্ৰত্যক্ষ যোগাযোগৰ ব্যৱস্থা কৰিছে অসম আৰক্ষীয়ে৷ আটাইবোৰ জিলাত চ'ছিয়েল মিডিয়া চেল সক্ৰিয় কৰা হৈছে বুলি তেখেতে মত ব্যক্ত কৰে৷ আধৰুৱা কামবোৰ আগুৱাই নিয়াৰ বাবে আৰক্ষী বিভাগক আহ্বান জনায় কুলধৰ শইকীয়াই ৷

ইয়াৰ লগতে তেখেতে কয় যে, যিখিনি মানুহক লৈ কাম কৰা যায় , তেওঁলোকক ভালপোৱা উচিত ৷ মানুহক মানুহ হিচাপে মানিব লাগে ৷ আইনগত ক্ষমতাখিনি যঠেষ্ট ৷ সময় সলনি হয়, সততাৰ দাম একেই আছে ৷ অতীতৰ পৰা বৰ্তমানলৈ আৰু ভৱিষ্যতেও সততাৰ মূল্য একেই থাকিব ৷

দাইনী হত্যা সন্দৰ্ভত তেখেতে কয় যে, এইটো এটা ৰোগৰ লক্ষণ ৷ সমাজত যদি অশুভ পৰম্পৰা থাকে , তেন্তে এইবোৰ ঘটনা সংঘটিত হ'ব ৷ এন জি অ' আৰু সংগঠনে বিশেষ পদক্ষেপ লোৱা উচিত ৷ সংবাদ মাধ্যমকো সক্ৰিয় হোৱাৰ আহ্বান কুলধৰ শইকীয়াৰ৷ অৱসৰৰ পাচত সামাজিকভাৱে জড়িত হোৱাৰ লগতে পুনৰ হাতত কলম তুলি লোৱাৰ ইচ্ছা প্ৰকাশ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ৷ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক অভিনন্দন জনায় কুলধৰ শইকীয়াই ৷

দাইনী হত্যা সন্দৰ্ভত কুলধৰ শইকীয়াৰ মন্তব্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.