ETV Bharat / city

নিশা হঠাতে স্বাস্থ্যৰ অৱনতিঃ তৰুণ গগৈক পুনৰ হাস্পতালত ভৰ্তি

author img

By

Published : Nov 2, 2020, 12:02 PM IST

Updated : Nov 2, 2020, 1:41 PM IST

পুনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ নিশা হঠাতে অসুস্থ হৈ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

নিশা হঠাতে স্বাস্থ্যৰ অৱনতিঃ তৰুণ গগৈক পুনৰ হাস্পতালত ভৰ্তি
নিশা হঠাতে স্বাস্থ্যৰ অৱনতিঃ তৰুণ গগৈক পুনৰ হাস্পতালত ভৰ্তি

গুৱাহাটী, 2 নৱেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক দেওবাৰে মাজনিশা পুনৰ হাস্পতালত ভৰ্তি কৰোৱা হয় । কৰ'নাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী দীৰ্ঘ সময়জুৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল । অৱশ্যে কৰ'নামুক্ত হোৱাৰ পিছত যোৱা 25 অক্টোবৰত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল । বিগত এটা সপ্তাহে গগৈ তেওঁৰ দিছপুৰস্থ চৰকাৰী বাসগৃহতে বিশ্ৰামত আছিল । তেওঁৰ স্বাস্থ্যৰ প্ৰতি অহৰ্নিশে নজৰ ৰাখিবলৈ চৰকাৰে দুগৰাকী চিকিৎসক আৰু নাৰ্চৰ ব্যৱস্থাও কৰি দিছিল তেওঁৰ বাসগৃহতে । কিন্তু যোৱা নিশা হঠাতে তেওঁ স্বাস প্ৰশ্বাসত কষ্ট অনুভৱ কৰাত ততাতৈয়াকৈ লৈ যোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ।

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ স্বাস্থ্য সন্দৰ্ভত ডাঃ অচ্যুৎ বৈশ্যৰ প্ৰতিক্ৰিয়া

সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা গগৈৰ স্বাস্থ্য সুস্থিৰ বুলিয়েই প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ কাৰ্যালয়ৰ সূত্ৰই । তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অচ্যুৎ বৈশ্যই ৷

লগতে পঢ়ক : প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আশু আৰোগ্য কামনাৰে লামডিঙত কংগ্ৰেছৰ মহাযজ্ঞ

Last Updated : Nov 2, 2020, 1:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.