ETV Bharat / city

প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ

author img

By

Published : Feb 27, 2020, 6:21 PM IST

দিল্লীত কা' বিৰোধী প্ৰতিবাদকলৈ সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া । দেশৰ আইন-শৃংখলা নিয়ন্ত্ৰণত কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী তুলিলে তৰুণ গগৈয়ে ।

প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ
প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ

গুৱাহাটী, 27 ফেব্ৰুৱাৰী : দেশৰ ৰাজধানী দিল্লীত নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰাত 36 গৰাকীকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছে 200 ৰো অধিক লোক। দিল্লী আৰক্ষীয়ে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়ত নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে, দিল্লী আৰক্ষী কেন্দ্ৰ চৰকাৰৰ নিয়ন্ত্ৰণ থাকে তেনে অৱস্থান হিংসাত্মক ঘটনাত 36 গৰাকীকৈ লোক নিহত হোৱাৰ লগতে 200ৰো অধিক লোক আহত হোৱা ঘটনাই প্ৰমাণ কৰিছে যে কেন্দ্ৰ চৰকাৰ দেশৰ আইন-শৃংখলা নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে । আইন-শৃংখলা নিয়ন্ত্ৰণত বিফল কেন্দ্ৰ চৰকাৰখনে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে । বিশেষকৈ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । বিজেপি চৰকাৰৰ মন্ত্ৰী, বিধায়ক আৰু নেতা সকলে বিভিন্ন সময়ত প্ৰদান কৰি অহা সাম্প্ৰদায়িক মন্তব্যৰ ফলতে পৰিস্থিতি অধিক অৱনতি ঘটিছে বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

ৰাজ্যত 'কা' বিৰোধী দল-সংগঠন সমূহে বিকল্প ৰাজনৈতিক দলৰ চিন্তা-চৰ্চা অব্যহত ৰখাৰ মাজতে গগৈয়ে কা' বিৰোধী সকলো দল-সংগঠনক একত্ৰিত হৈ ৰাজনৈতিকভাৱে আগুৱাই আহিবলৈ আহ্বান জনায় । বেলেগে বেলেগে ৰাজনৈতিক দল গঠন কৰিলে দল শক্তিশালি নহ'ব বুলিও মন্তব্য কৰে গগৈয়ে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.