ETV Bharat / city

এইবাৰ কেটেলিনা চেনেল সাঁতোৰাৰ লক্ষ্য এলভিছৰ

দুৰ্দান্ত প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা অসমৰ সাঁতোৰবিদ এলভিছ আলি হাজৰিকাই এইবাৰ সাঁতুৰি পাৰ হ'ব কেলিফৰ্নিয়াৰ কেটেলিনা চেনেল ৷ বিখ্যাত ইংলিছ ছেনেলত 29 কি.মি. সাঁতুৰি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত নিজৰ দক্ষতা প্ৰদৰ্শন কৰা সাঁতোৰবিদ গৰাকীয়ে মাত্ৰ 9 বছৰ বয়সতে এছিয়াৰ সাঁতোৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৷

author img

By

Published : Apr 27, 2019, 3:09 PM IST

ELVIS ALI TO CROSS CATALINA CHANNEL

গুৱাহাটী, 27 এপ্ৰিল: 21 তাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগকাৰী অসম সন্তান এলভিছ আলি হাজৰিকাই এইবাৰ সাঁতুৰি পাৰ হ'ব কেলিফৰ্নিয়াৰ কেটেলিনা চেনেল ৷ বিখ্যাত ইংলিছ ছেনেলত 29 কি.মি. সাঁতুৰি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত নিজৰ দক্ষতা প্ৰদৰ্শন কৰা সাঁতোৰবিদ গৰাকীয়ে মাত্ৰ 9 বছৰ বয়সতে এছিয়াৰ সাঁতোৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৷ তেওঁৰ দখলত আছে 68 টাকৈ সৰ্বভাৰতীয় আৰু 6 টাকৈ আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক ৷ এই বিশাল প্ৰতিভাৰ অধিকাৰী দূৰ্দান্ত খেলুৱৈ গৰাকীয়ে কিন্তু বৰ্তমানলৈকে পোৱা নাই চৰকাৰৰ কোনো সাহায্য ৷

ELVIS ALI TO CROSS CATALINA CHANNEL

চৰকাৰী অনুদানৰ অবিহনেই পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে নিজকে সাজু কৰা সাঁতোৰবিদগৰাকীয়ে নিজৰ সাঁতোৰক অভি - নীলৰ স্মৃতিত উচৰ্গা কৰিব বুলি জনায় ৷ এই বৰ্ষৰ 15 আগষ্টত অনুষ্ঠিত হ'ব লগা সাঁতোৰৰ বাবে নিজ খৰছেৰে নিজকে প্ৰস্তুত কৰি তুলিছে তেওঁ ৷

Intro:এলভিছ আলি হাজৰিকা । এসময়ৰ দুৰ্দান্ত সাঁতোৰবিদ। 21 তাকৈ ৰাষ্ট্রীয় অভিলেখ ভঙ্গ কৰিছিল এলভিছ আলি হাজৰিকাই। কিন্তু অভিলেখৰ পিছত অভিলেখ ভঙ্গ কৰিও চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলে এলভিছ আলি হাজৰিকাই। কিন্তু দুৰ্দান্ত মনৰ সাঁতোৰ বিদ গৰাকীৰ মনোবল ভাঙিব নোৱাৰিলে কোনেও। চৰকাৰ অথবা প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হলেও নিজা প্ৰচেষ্টাৰে অনুশীলন আৰু অসাধ্য সাধন মনোবলেৰে জিনিবলৈ সক্ষম হৈছিল আন্তঃৰাষ্ট্ৰীয় বঁটা। ইংলিছ চেনেল ত 29 কিলোমিটাৰ সাঁতোৰি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত নিজৰ দক্ষতাৰে নাম খোদিত কৰিবলৈ সক্ষম হৈছিল।

Body:ইংলিছ চেনেল ত দক্ষতাৰে উজ্বলাৰ পিছত এইবাৰ USA ৰ catalina channel ত সাঁতোৰিবলৈ তেখেত সাজু। চৰকাৰী অনুদানৰ অবিহনেই পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বাবে নিজকে সাজু কৰিছে এলভিছ আলি হাজৰিকাই। অভি নীলৰ স্মৃতিত নিজৰ সাঁতোৰক উচৰ্গা কৰিব এইজন সাঁতোৰবিদে।15 আগষ্টত হব লগা এই সাঁতোৰৰ বাবে নিজকে সম্পূৰ্ণ কৰিছে তেওঁ। সম্পূর্ণ নিজা খৰছেৰে তেখেতে আগবাঢ়িছে অসমক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাবলৈ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.