ETV Bharat / city

ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আধিপত্যত চিন্তিত শিক্ষামন্ত্ৰী ৰণোজ পেগু

author img

By

Published : Jun 7, 2022, 8:24 PM IST

Updated : Jun 8, 2022, 8:28 AM IST

ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল (HSLC exam result 2022)৷ কিন্তু পূৰ্বতকৈ তুলনামূলকভাৱে হ্ৰাস পাইছে উত্তীৰ্ণৰ সংখ্যা ৷ তদুপৰি ফলাফলৰ ক্ষেত্ৰত পিছপৰি ৰৈছে চৰকাৰী খণ্ডৰ বিদ্যালয় ৷ খোদ শিক্ষামন্ত্ৰীয়ে স্বীকাৰ কৰিছে এই কথা ৷

English medium school dominance
ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আধিপত্যত চিন্তিত শিক্ষামন্ত্ৰী ৰণোজ পেগু

গুৱাহাটী, ৭ জুন : ক'ভিড মহামাৰীৰ ভয়াৱহতাৰ পাছত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল মঙলবাৰে ঘোষণা কৰা হয় (HSLC 2022 result declared)। অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মুঠ ৫৬.৪৯ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে (HSLC rank holders)। শীৰ্ষ দহ স্থান দখল কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ।

ইয়াৰ ভিতৰত বেছি সংখ্যক বিদ্যালয় ব্যক্তিগত খণ্ডৰ হোৱাৰ উপৰিও ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আধিপত্য দেখা গৈছে এইবাৰৰ ফলাফলত (English medium school dominance in HSLC result) । এই কথা স্বীকাৰ কৰিছে খোদ শিক্ষামন্ত্ৰীয়ে । মঙলবাৰে ফলাফল ঘোষণা হোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়, ‘‘চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণ হাৰৰ সংখ্যাটো কমিছে অৰ্থাৎ ফলাফল বেয়া হৈছে । ইয়াক আমি অধ্যয়ন কৰিব লাগিব’’ ।

চিৰাং, কাছাৰ, কাৰ্বি আংলঙকে ধৰি কেইখনমান জনজাতীয় জিলাত ফলাফলটো বেয়া হোৱা পৰিলক্ষিত হৈছে । অৱশ্যে ডিমা হাচাওৰ ফলাফল কাৰ্বি আংলঙতকৈ ভাল হৈছে । কি কাৰণত এনে হৈছে সেয়া পৰ্যবেক্ষণ কৰাৰ কথা ক’লে শিক্ষামন্ত্ৰীয়ে ।

লগতে তেওঁ কয় যে, চাহ বাগান অঞ্চলত শিক্ষা বহু পিছ পৰি আছে । মেট্ৰিকৰ ফলাফলে পুনৰ সেই কথা প্ৰমাণ কৰিছে । এইবাৰ চাহ বাগানত উত্তীৰ্ণৰ হাৰ ৩০% কম । আজিয়েই ইয়াৰ বিতং অধ্যয়ন কৰাৰ বাবে ছেবাক নিৰ্দেশ দিছে শিক্ষামন্ত্ৰী পেগুৱে ৷

দেখা গৈছে যে, ইংৰাজী মাধ্যমৰ স্কুলসমূহৰ ফলাফল কিছু ভাল । অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী বিষয়টো উন্নত কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি জনায় মন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় যে, চৰকাৰী বিদ্যালয়ত শিক্ষক, আন্তঃগাথঁনিৰ কিছু সমস্যা আছে । ইয়াক দূৰ কৰাৰ বাবে চিন্তা কৰা হৈছে । ক’ভিড পৰিস্থিতিৰ বাবে দীৰ্ঘদীন ধৰি বিদ্যালয় সমূহ বন্ধ থকাত ছাত্ৰ-ছাত্ৰী সকলে ঘৰত পঢ়িব লগা হৈছিল । বহুতৰে ঘৰত পঢ়া সুবিধা নাছিল । সেয়েহে ক’ভিডৰ প্ৰভাৱ পৰীক্ষাৰ ফলাফলত দেখা পোৱা গৈছে বুলি মন্তব্য কৰে ৰণোজ পেগুৱে ।

লগতে পঢ়ক : মেট্ৰিক পৰীক্ষাৰ ফলাফলঃ তিনি বছৰ পাছত হ্ৰাস পালে উত্তীৰ্ণৰ হাৰ

Last Updated : Jun 8, 2022, 8:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.