ETV Bharat / city

জনতা ভৱনত হোৱা আলোচনাত নোলাল মাধ্যম বিতৰ্কৰ কোনো সমাধানসূত্র - মাতৃভাষা মাধ্যমৰ বিদ্যালয়

মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ইংৰাজীত পাঠদান বিষয়ক লৈ জনতা ভৱনত আছু, এবছু, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ বৈঠক (Four organizations meet Education minister)। বৈঠকত নহ'ল কোনো সিদ্ধান্ত । নিজৰ দাবীত অটল চাৰিটা জাতীয় সংগঠন (Medium controversy in school curriculum in Assam) ৷ এমাহৰ ভিতৰত পুনৰ হ'ব আলোচনা ।

Medium controversy in school curriculum in Assam

author img

By

Published : Aug 18, 2022, 7:35 PM IST

Updated : Aug 18, 2022, 8:40 PM IST

গুৱাহাটী, ১৮ আগষ্ট: মাতৃভাষাৰ বিদ্যালয়ত ইংৰ‍াজীত পাঠদান দিয়াৰ বাবে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰা সংগঠন কেইটাৰে আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় (Four organizations meet Ranuj pegu for medium controversy)। জনতা ভৱনত শিক্ষামন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত আছু, এবছু, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিসকলে অংশ গ্ৰহণ কৰে (Meeting over medium controversy in Assam) ।

তিনি ঘণ্টাজুৰি চলা আলোচনাত কিন্তু কোনো সমাধান সূত্র নোলাল । বৈঠকত চৰকাৰৰ লগতে সংগঠন কেইটাৰ ফালৰ পৰা নিজৰ স্থিতি স্পষ্ট কৰা হয় যদিও কোনো সহমতত উপনীত নহ'ল । এক কথাত আজিৰ বৈঠকখন কাৰ্যত সফল নহ'ল । যাৰ পৰিপ্ৰেক্ষিতত এমাহৰ ভিতৰত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু সংগঠন কেইটাৰে পুনৰ আলোচনাত মিলিত হ'ব (Discussion on medium controversy)।

উল্লেখ্য যে, অসম চৰকাৰে কেবিনেটত শিক্ষা বিষয়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিৰোধিতা কৰি চৰকাৰক যৌথ স্মাৰক-পত্ৰ প্ৰদান কৰিছিল আছু, এবছু, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাই । তাৰ পৰিপ্ৰেক্ষিতত আজি চাৰিওটা সংগঠনৰ সৈতে শিক্ষা মন্ত্ৰীয়ে জনতা ভৱনত আলোচনাত মিলিত হয় (Four organizations on medium controversy) ।

ৰাজ্য চৰকাৰে কেবিনেটত শিক্ষা বিষয়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহে অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ লগতে এই ভাষা কোৱা মানুহৰ ক্ষতি কৰিব বুলি সংগঠনকেইটাই আপত্তি দৰ্শাইছিল । ১ আগষ্টত সংগঠনকেইটাই গুৱাহাটীত এক আলোচনাত মিলিত হোৱাৰ পাছত এলানি কর্মপন্থা নিৰূপণ কৰিছিল । সেই অনুসৰি সংগঠনকেইটাই যৌথ সভাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মালৈ ৫ আগষ্টত যৌথ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ।

উক্ত স্মাৰক-পত্ৰ সন্দৰ্ভত আলোচনা কৰিবৰ বাবে আজি অসম সচিবালয়ৰ এফ ব্লকত শিক্ষা বিভাগে এখন বৈঠক অনুষ্ঠিত কৰে । বৈঠকৰ অন্তত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে, আজিৰ বৈঠকত কোনো সিদ্ধান্ত নহ'ল যদিও আৰু বিশদভাৱে আলোচনা কৰাৰ বাবে এমাহৰ ভিতৰত পুনৰ বৈঠক অনুষ্ঠিত হ'ব । গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰা সন্দৰ্ভত আলোচনা হয় যদিও কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নগ'ল (English medium controversy in Assam) ।

সমুজ্জল ভট্টাচাৰ্যৰ মন্তব্য

সংগঠনসমূহে মাতৃভাষা মাধ্যমত শিক্ষাৰ মান উন্নত কৰি গুণগত শিক্ষা প্ৰদানত গুৰুত্ব আৰোপ কৰে । এইক্ষেত্রত আমাৰ চৰকাৰ একমত বুলি তেওঁ কয় । ইংৰাজী ভাষাৰ জ্ঞান দিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সংগঠন কেইটাই আহ্বান জনাইছে । আনহাতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি দুৰ্বল হৈ থকাৰ কথাও সংগঠনসমূহে সদৰি কৰে বুলি তেওঁ কয় । এইক্ষেত্রত চৰকাৰে ইতিমধ্যে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ বাবে ১০ হাজাৰ কোটি টকা ধাৰ্য কৰা বুলি সংগঠনসমূহক জনায় শিক্ষামন্ত্ৰীয়ে ।

লগতে পঢ়ক : ব্ৰাহ্মণ ছোৱালী বিয়া নপতাৰ বাবে এঘৰীয়া কৰিলে তিনিটা পৰিয়ালক

আনহাতে, বৈঠক সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, আলোচনা হ'ল যদিও কোনো সহমতত উপনীত হ'ব পৰা নগ'ল । আজিৰ আলোচনা সফল নহ'ল বুলি উল্লেখ কৰি তেওঁ কয় যে, চাৰিটা সংগঠন নিজৰ স্থিতিত অটল আছে । অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই বৈঠকৰ বিষয়ে উল্লেখ কৰি কয় যে, আজিৰ আলোচনাত কোনো সিদ্ধান্ত নহ'ল ।

সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ মন্তব্য

উল্লেখ্য যে চৰকাৰে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তই অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানসমূহক ধ্বংসৰ মুখলৈ ঠেলি দিব আৰু এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী বুলি দাবী কৰিছিল জাতীয় সংগঠন চাৰিটাই ৷ তেওঁলোকে চৰকাৰৰ সিদ্ধান্ত মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি চৰকাৰক পুনৰ বিবেচনা কৰি সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ দাবী জনাইছিল (Assam cabinet new education decision)।

  • আজি জনতা ভৱনত সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ নেতৃত্বৰ সৈতে এক আলোচনাত মিলিত হওঁ।

    গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদানত ইংৰাজী মাধ্যম ব্যৱহাৰ, প্ৰতি জিলাত ৫-১০ খন বিদ্যালয়ত ইংৰাজী মাধ্যমৰ শাখা খোলা, …. 1/2 @himantabiswa pic.twitter.com/fyaUzOJxYP

    — Ranoj Pegu (@ranojpeguassam) August 18, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

লক্ষ্যনীয় বিষয় যে, চাৰিওটা জাতীয় সংগঠনে চৰকাৰে বন্ধ কৰি দিব বিচৰা প্ৰাদেশিকীকৰণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী কৰে । লগতে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত পাঠদান কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি নিজ নিজ মাধ্যমত পাঠদান অব্যাহত ৰখাৰ দাবী কৰে ।

অসমীয়া, বড়ো আৰু মাতৃভাষাৰ বিদ্যালয়সমূহত ইংৰাজী ভাষাৰ শিক্ষা ভালদৰে দিয়াৰো দাবী সংগঠন কেইটাই কৰে । এই মাধ্যমসমূহৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীত কৰাৰ দাবীৰ লগতে চৰকাৰে এই মাধ্যমৰ সমান্তৰালভাৱে ইংৰাজী মাধ্যম আৰম্ভ কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰে । প্ৰতিটো সমষ্টিত আদর্শ বিদ্যালয় ইংৰাজী মাধ্যমলৈ আৰু চি বি এছ ই পাঠ্যক্ৰম কৰিব বিচৰা কাৰ্যৰো বিৰোধিতা কৰে ।

ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানসমূহক আদর্শ বিদ্যালয় কৰাৰ দাবী কৰি যৌথ সভাই ৰাজ্যিক শিক্ষা ব'ৰ্ডসমূহ অধিক শক্তিশালী কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী কৰে । চৰকাৰক মাতৃভাষা-বিদ্বেষী মনোভাব পৰিহাৰ কৰিবলৈ আহ্বান জনাই জাতীয় সংগঠন চাৰিটাই অসমত চৰকাৰী খণ্ডৰ অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ জয়যাত্রা অব্যাহত ৰাখিব পৰাকৈ সকলো ব্যৱস্থা ল’বলৈ চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক : আন্দোলনৰ নামত চাকৰি প্ৰত্যাশীৰ ভৱিষ্যতক লৈ অন্যায় নকৰিবলৈ আহ্বান পীযুষ হাজৰিকাৰ

Last Updated : Aug 18, 2022, 8:40 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.