ETV Bharat / city

100 day reading campaign Padhe Bharat: শিক্ষামন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে কৰিলে শুভাৰম্ভ

author img

By

Published : Jan 4, 2022, 10:20 PM IST

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মংগলবাৰে শুভাৰম্ভণি কৰিলে ১০০ দিনীয়া পঠন অভিযানৰ (Education minister Ranoj Pegu launches 100 day reading campaign)। প্ৰাক প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰসকলৰ মাজত এপ্ৰিল মাহলৈকে চলিব এই পঠন অভিযান । কিতাপ পঢ়াৰ প্ৰতি গুৰুত্ব বৃদ্ধি কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই অভিযানৰ ।

শিক্ষামন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে ১০০ দিনীয়া পঠন অভিযানৰ

গুৱাহাটী, ৪ জানুৱাৰী: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মংগলবাৰে শুভাৰম্ভণি কৰিলে প্ৰাথমিক শিক্ষা বিভাগৰ ১০০ দিনীয়া পঠন অভিযানৰ (Education minister Ranoj Pegu launches 100 day reading campaign in Assam)। মহানগৰীৰ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত শুভাৰম্ভণি কৰা হয় পঠন অভিযানৰ । প্ৰাক প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰসকলৰ মাজত এপ্ৰিল মাহলৈকে চলিব এই পঠন অভিযান ।

পঠন অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে, পঠন অভিযান কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবে নহয় । ভাৰতবৰ্ষৰ সকলোৰে বাবে আৰম্ভ কৰা হৈছে এই পঠন অভিযান (100 day reading campaign Padhe Bharat) । কিতাপ পঢ়াৰ প্ৰতি গুৰুত্ব বৃদ্ধি কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই অভিযান । কেৱল ভাটৌ চৰাই শিক্ষা নহয়, কিতাপ পঢ়ি যাতে শব্দৰ অৰ্থ বুজি উঠিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে বুলি মন্তব্য কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, নতুন শিক্ষানীতিৰ জৰিয়তে মাতৃভাষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে । সকলো সাহিত্য সভাক পঠন অভিযানত অংশ ল'বলৈ আহ্বান জনাব শিক্ষামন্ত্ৰীগৰাকীয়ে ।

পঠন অভিযান অসমৰ সাহিত্য সভাসমূহৰ বাবে এক ডাঙৰ সুযোগ বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । ইয়াৰ জৰিয়তে নিজৰ মাতৃভাষা অধ্যয়নৰ ওপৰত গুৰুত্ব দিব পাৰিব । পঠন ‍অভিযানৰ জৰিয়তে আৰম্ভ হ'ব কিতাপ পঢ়াৰ আন্দোলন ।

আনহাতে ক’ভিড-19ৰ সম্পৰ্কত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, ছাত্ৰ-ছাত্ৰীসকলক ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে । ক’ভিডৰ বাবে বিদ্যালয় বন্ধ হ'ব বুলি মই নাভাবো । স্বাস্থ্য বিভাগৰ কথা মানি চলিলেই হ'ল । ইয়াৰ লগতে শিক্ষামন্ত্ৰীগৰাকীয় TET ত বিসংগতি কোনো নাই বুলি মন্তব্য কৰি কয় যে, ২০২২ চনত ত নিযুক্তি দিয়া হ'ব ২২ হাজাৰ শিক্ষকক । ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে । ৩১ মাৰ্চৰ ভিতৰত এই নিযুক্তি প্ৰক্ৰিয়া শেষ হ'ব বুলিও কয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

লগতে পঢ়ক: শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয়ৰ প্ৰজ্ঞাৰ সাধনা অনুষ্ঠানত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.