ETV Bharat / city

এনফৰ্চমেন্ট ডাৰেক্টৰেটে প্ৰদান কৰিব দুলাল বৰা গোচৰৰ তথ্য

ইটোৰ পাচত সিটো গোচৰত সাঙুৰ খাই পৰিছে RTI কৰ্মী দুলাল বৰা ৷ নিজে গোচৰ তৰি এতিয়া বিপদত পৰিছে বৰা ৷

RTI কৰ্মী
দুলাল বৰা
author img

By

Published : Feb 6, 2020, 1:33 AM IST

গুৱাহাটী, 5 ফেব্ৰুৱাৰীঃ বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে উচ্চ ন্যায়ালয়ত নিজে তৰা গোচৰক লৈ বিপদত পৰিছে RTI কৰ্মী দুলাল বৰা ৷ বৰ্তমান দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তথ্য বিচাৰিছে উচ্চ ন্যায়ালয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা সুভাষ চন্দ্ৰ পায়েলে জানিবলৈ দিয়া অনুসৰি, অসম চৰকাৰে ইতিমধ্যে দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তথ্য প্ৰদান কৰিছে ৷

আনহাতে, এনফ’ৰ্চমেন্ট ডাৰেক্টৰেটেও দুলাল বৰাৰ বিৰুদ্ধে চলোৱা গোচৰৰ তথ্য দাখিল কৰিব ৷ উল্লেখ্য যে, বহু আপত্তিজনক নথি-পত্ৰ, বেনামি সম্পত্তি আৰু বহুকেইটা গোচৰৰ ভিত্তিত আটক কৰা হৈছিল দুলাল বৰাক ৷ আনহাতে, বহু চৰকাৰী বিষয়াক ধন দাবী কৰাৰ লগতে বহু বে-আইনী কাৰ্যকলাপৰ সৈতে জড়িত আছিল দুলাল বৰা ৷ এতিয়া এটাৰ পাচত আনটো গোচৰৰ ভিত্তিত আইনী আবেষ্টনীৰ মাজত সোমাই পৰিছে RTI কৰ্মীগৰাকী ৷

আনহাতে, বৰ্তমানলৈ ইডিত গোচৰ ৰুজু হোৱা নাই যদিও সকলো তথ্য সংগ্ৰহৰ পাচতে দুলাল বৰাৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু হ'ব বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক : মোডী অসৎ ব্যক্তি নহয়, মন্ত্ৰীসকলক নিয়ন্ত্ৰণত ৰখা উচিত : বদৰুদ্দিন আজমল

Intro:আৰ টি আই কৰ্মী দুলাল বৰাৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে উচ্চ ন্যায়ালয়ত নিজে তৰা গোচৰত এতিয়া বিপদত RTI কৰ্মী দুলাল বৰা।
ডিচেম্বৰ মাহত হাটীগাঁও আৰক্ষীয়ে ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল দুলাল বৰাক।
এতিয়া দুলাল বৰাৰ বিৰুদ্ধে ৰুজ হোৱা গোচৰৰ তথ্য বিচাৰিলে হাইকৰ্টে।
কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা সুভাষ চন্দ্ৰ পায়েলে জানিবলৈ দিয়া অনুসৰি অসম চৰকাৰে জমা দিলে দুলাল বৰাৰ বিৰুদ্ধে ৰুজ হোৱা গোচৰৰ তথ্য।
bite:- কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা।

Body:আনহাতে কেৱল অসম চৰকাৰ নহয় ইডি য়েও ( enforcment directorate) ও দাখিল কৰিব দুলাল বৰাৰ বিৰুদ্ধে চলোৱা গোচৰৰ তথ্য। জানিব পৰা অনুসৰি বহু আপত্তি জনক নথি , বেনামি সম্পত্তি আৰু বহু কেইটা গোচৰৰ ভিত্তিত আটক কৰা হৈছিল দুলাল বৰাক। আনহাতে বহু চৰকাৰী বিষয়াক ধন দাবী কৰাৰ লগতে বহু বেআইনী কাৰ্যৰ সৈতে জড়িত দুলাল বৰা। এতিয়া এটাৰ পিছত আন এটা গোচৰৰ ভিত্তিত আইনী আবেষ্টনীৰ মাজত সোমাই পৰিছে দুলাল বৰা ।

Conclusion: আনহাতে বৰ্তমানলৈ ই ডিত গোচৰ ৰিজিষ্টাৰ হোৱা নাই যদিও সকলো তথ্য সংগ্ৰহৰ পিছতে ৰিজিষ্টাৰ হব দুলাল বৰাৰ বিৰুদ্ধে আন এটা গোচৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.