ETV Bharat / city

ভয়াৱহ সংকট: মিজোৰামত নাই পৰ্যাপ্ত ক’ভিড কিট, নাই খাদ্য

author img

By

Published : Aug 7, 2021, 6:45 PM IST

Updated : Aug 7, 2021, 6:52 PM IST

26 জুলাইত অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা‌ পৰিস্থিতিৰ ফল ভূগিছে মিজোৰামৰ সৰ্বসাধাৰণ জনতাই । দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ নাটনি আৰু অভাৱনীয় মূল্য বৃদ্ধিৰ সমান্তৰালকৈ ‌‌এতিয়া ৰাজ্যখনে পোৱা‌ নাই ক’ভিড-19 ৰ‌ টেষ্ট কিট আৰু অন্যান্য চিকিৎসা কেন্দ্ৰীক সামগ্ৰী ।‌

terrible-crisis-there-are-no-enough-covid-kit-and-food-in-mizoram
মিজোৰামত নাই পৰ্যাপ্ত ক’ভিড কীট নাই খাদ্য

গুৱাহাটী 7 আগষ্ট : অসম-মিজোৰামৰ সীমা (Assam Mizoram Border) কেন্দ্ৰীক বিবাদে জটিল কৰি তুলিছে মিজোৰামৰ জনজীৱন । ৰাজ্যখনলৈ যাব‌লগীয়া নিত্য ব্যৱহাৰ্য খাদ্য আৰু অন্যান্য সামগ্ৰী অসম সীমান্তত আবদ্ধ হৈ থকাৰ ফলত ৰাজ্যখনে ভয়াৱহ নাটনিৰ সন্মুখীন হোৱাৰ খবৰে ‌‌এতিয়া সংবাদ শিৰোনাম দখল কৰিছে । মিজোৰামে বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে ।

মিজোৰামৰ এগৰাকী ৰাজ্যিক মন্ত্ৰী লালৰূৱাট কিমাই টুইটাৰ যোগে জনোৱা মতে, সীমান্তত চলি থকা অৰ্থনৈতিক অৱৰোধৰ বাবে আন কথা বাদেই ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাতোৱেই এক প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে । তেওঁৰ মতে এই মূহুৰ্তত মিজোৰামত পৰীক্ষা কৰিবলৈ কিটৰ অভাৱ হৈছে আৰু যদি অতি সোনকালে কিটৰ অভাৱ দূৰ কৰা নাযায় তেতিয়াহলে ৰাজ্য খনত ক’ভিডে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব ।

এই‌ একেটা বিষয়তে শুকুৰবাৰে আৰ লালথান হাওলাইয়ো টুইট যোগে গভীৰ উদ্বেগ প্ৰকাশ কৰে । আনহাতে, এই‌ বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে 'অসম নাগৰিক সমাজে'ও ।‌‌

অসম-মিজোৰাম সংঘাতৰ (Assam Mizoram Border Conflict) বিষয়ে আলোচনা কৰাৰ‌ বাবে আয়োজিত এক বৈঠকৰ পিছত এক বিবৃতিত অসম নাগৰিক সমাজে মিজোৰাম সীমান্তত থকা সকলো ধৰণৰ অৱৰোধ উঠাই ল'বলৈ সকলো পক্ষকে আহ্বান জনায় । সমাজে কয় যে, এনে পৰিস্থিতি দীৰ্ঘদিন ধৰি চলিলে চুবুৰীয়া ৰাজ্যখনৰ অৱস্থাৰ অধিক অৱনতি ঘটিব । এনে পৰিস্থিতিয়ে দুয়ো ৰাজ্যৰ মাজত থকা সাতামপুৰুষীয়া সম্পৰ্কক ক্ষতিগ্ৰস্ত কৰিব । ইয়াৰ সুযোগ ল'ব উত্তৰ ভাৰতীয় হিন্দুত্ববাদী সকলে ।‌‌

শেহতীয়াকৈ অসমৰ দুগৰাকী কেবিনেট ‌‌মন্ত্ৰীয়ে মিজোৰামলৈ গৈ মিজো চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনা ‌কৰাৰ‌ পিছতো পৰিস্থিতিৰ পৰিৱৰ্তন নোহোৱাত ৰাজ্য খনত তীব্ৰ অচলাৱস্থাই দেখা‌ দিছে । ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ নেতিবাচক ফল‌ভোগ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই ।

উল্লেখ্য যে, যোৱা 26 জুলাই কাছৰৰ লাইলাপুৰৰ অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ গুলিত 6 জনকৈ অসম আৰক্ষীৰ জোৱানৰ লগতে এজন সাধাৰণ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ৷ এই সংঘাতৰ পিছতে অসমৰ বিভিন্ন দল সংগঠনে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰে ৷ ইয়াৰ ফলত মিজোৰামলৈ সামগ্ৰী কঢ়িয়াই নিয়া বিভিন্ন ট্ৰাক সীমান্ততে আবদ্ধ হৈ থাকিবলগীয়া হৈছে লগতে আন কিছুমানে ত্ৰিপুৰা হৈ দিঘলীয়া পথেৰে মিজোৰামত প্ৰৱেশ কৰিছে ৷

লগতে পঢ়ক:মিজোৰাম অভিমুখী বাহনত আক্ৰমণ জনতাৰ

Last Updated : Aug 7, 2021, 6:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.