গুৱাহাটী, 31 আগষ্ট : কৰ'ণা মহামাৰী মাজতে আহিছে শাৰদীয় দুৰ্গোৎসৱ । প্ৰতিবছৰে ডেৰ মাহ পূৰ্বৰে পৰা দুৰ্গোৎসৱৰ প্ৰস্তুতি চলে যদিও এইবাৰৰ পৰিৱেশ সুকীয়া । বৰ্তমানলৈ চৰকাৰৰ ফালৰ পৰাও কোনো নীতি-নিৰ্দেশনা জাৰি কৰা নাই । যাৰ বাবে গভীৰ অনিশ্চয়তাৰ মাজত দুৰ্গা পূজা আয়োজনৰ বাবে সাজু হৈছে পূজা উদযাপন কমিটীসমূহ ।
মহানগৰীৰ ঐতিহ্যমণ্ডিত ৰেষ্টকেম্প কালীবাৰী পূজাস্থলীত নাই কোনো প্ৰস্তুতি, নাই কোনো উৎসৱমুখৰ পৰিৱেশ । 25 লাখ টকাৰ পূজা এইবাৰ 3 লাখ টকাত আয়োজন কৰা সিন্ধান্ত লৈছে ৰেষ্টকেম্প কালীবাৰী দুৰ্গা পূজা কমিটীয়ে । সামাজিক দূৰত্ব,মাক্স আদি কঠোৰভাৱে মানি উদযাপন কৰিব পূজা ।
ইফালে মহানগৰীৰ পাণ্ডু আমেৰিকা কলনী সাৰ্বজনীন দুৰ্গা পূজা কমিটীয়ে মাত্ৰ ডেৰ লাখ টকা ব্যয়ৰে কেৱল পূজাৰ নীতি-নিয়ম পালন কৰিব । চৰকাৰে কোনো বিশেষ নিৰ্দেশনা জাৰি নকৰাত যথেষ্ট সমস্যাত পৰিছে কমিটীখন । একেই সিন্ধান্ত মালিগাঁও একাউঞ্চ কলনী দুৰ্গা পূজা কমিটীৰো । ইয়াতো নাথাকিব জাকজমকতা, নাথাকিব মেলা সদৃশ পৰিৱেশ ।
উল্লেখ্য যে ত্ৰিপুৰা, পশ্চিমবংগ চৰকাৰে ইতিমধ্যেই দুৰ্গোৎসৱকলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে । অসম চৰকাৰকো এই সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে গুৱাহাটী মহানগৰীৰ দুৰ্গা পূজা কমিটীসমূহে ।
লগতে পঢ়ক : অসম পৰামৰ্শদাতা সমিতিৰ প্ৰথমখন বৈঠক