গুৱাহাটী, ১৫ জুলাই: ড্ৰাগছ বিৰুদ্ধে গুৱাহাটীত ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ৷ মহানগৰীৰ গড়চুক আৰক্ষীয়ে বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে(Drug peddler arrested with heroin in Guwahati) । ধৃত ড্ৰাগছ ব্যৱসায়ীটো বৰপেটা পালহাজিৰ তমেজ কাজী বুলি জানিব পৰা হৈছে ।
মহানগৰীৰ কটাবাৰীৰ দুই নম্বৰ মছজিদ গলিৰ এটা ভাড়াঘৰৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল তমেজ কাজীয়ে । গড়চুক আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই কটাবাৰীৰ পৰা সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে ৭০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে(Heroin seized in Guwahati) ।
ধৃত সৰবৰাহকাৰীটোক সোধপোচৰ অন্তত গড়চুক আৰক্ষীয়ে পুনৰ কটাবাৰীৰ দুই নম্বৰ মছজিদ গলিৰ ভাড়াঘৰত অভিযান চলায় ৫৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে । সম্প্ৰতি গড়চুক আৰক্ষীয়ে তমেজ কাজীৰ জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ ভাতৃৰ গাড়ীত ওলাল আধা কিলো হেৰ’ইন