গুৱাহাটী, 21 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহকাৰী(Drugs paddler) ৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police) ৰ তীব্ৰ অভিযান ৷ আৰক্ষীৰ অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ লগতে বহু ড্ৰাগছ সৰবৰাহকাৰী (Drugs paddler) ক আটক কৰিছে আৰক্ষীয়ে ৷ অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে পুৰুষৰ লগতে বহু মহিলা ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত আটক কৰিবলৈ সক্ষম হৈছে ৷
গুৱাহাটীৰ বিভিন্ন প্ৰান্ততো ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ৷ ড্ৰাগছকে আদি কৰি অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা গুৱাহাটী আৰক্ষীয়ে দৈনিক বহু পৰিমাণে ড্ৰাগছ (Drugs) জব্দ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াভাৱে দেওবাৰে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলায় সাতগাঁও আৰক্ষীয়ে ৷ মহানগৰীৰ সাতগাঁও থানাৰ অন্তৰ্গত পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰত আৰক্ষীয়ে চলায় এই অভিযান ৷
আৰক্ষীৰ অভিযানত জব্দ হ’ল বৃহৎ পৰিমাণৰ ড্ৰাগছকে ধৰি বহু আপত্তিজনক নথি পত্ৰ আৰু বহু সংখ্যক কণ্টেইনাৰ । তদুপৰি আৰক্ষীৰ এই অভিযানত আটক হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী ৷ আটকাধীন লোকজন চন্দন দাস (৪৪) বুলি জানিব পৰা গৈছে ৷ ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে ১৯ গ্ৰাম ব্ৰাউন চুগাৰ আৰু ১৪ টা খালি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক: অসম মেঘালয়-সীমান্তত আন এক সেউজ বিপ্লৱ