গুৱাহাটী, 29 মেঃ লকডাউনৰ মাজতো গুৱাহাটী মহানগৰীত অব্যাহত আছে মাৰাত্মক ড্ৰাগছ সৰবৰাহ । নিশা জালুকবাৰী আৰক্ষীৰ জালত পৰে এটা দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী । এক গোপন সূত্ৰৰ পম খেদি জালুকবাৰী আৰক্ষীয়ে মালিগাঁৱৰ পৰা আটক কৰে সৰবৰাহকাৰীটোক । ধৃত সৰবৰাহকাৰীটোৰ নাম যদু দাস । ড্ৰাগছ বিক্ৰী কৰিব আহোতেই হাতে-লোটে ধৰা পৰে সৰবৰাহকাৰীটো ।
যদু দাসৰ পৰা জালুকবাৰী আৰক্ষীয়ে জব্দ কৰে ৩০০ মিঃগ্ৰাঃ ড্ৰাগছ, এখন চাৰিচকীয়া বাহন আৰু কিছু আপত্তিজনক সামগ্ৰী । দীৰ্ঘদিন ধৰি ধৃত যদুৱে মহানগৰীৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ হোম ডেলিভাৰী দি আহিছিল । মহানগৰ আৰক্ষীৰ ম'ষ্ট ৱান্টেডৰ তালিকাটো আছে এই দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীৰ নাম ।
লগতে পঢ়ক- চাবুৱা থানাত অখিল গগৈৰ পুনৰ তিনি গোচৰ ৰুজু